মঙলদৈত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

মঙলদৈত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

author-image
Asomiya Pratidin
New Update
মঙলদৈত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপন

ডিজিটেল সংবাদ,‌মঙলদৈ : সমগ্ৰ দেশৰ লগতে দৰং জিলা প্ৰশাসনৰ উদ্যোগত মঙ্গলবাৰে মঙলদৈ কাছাৰী ময়দানত ৭৭ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ কৰা হয়।ভৈয়াম জনজাতি উন্নয়ন (বিটিচি), হস্ততাঁত আৰু বস্ত্ৰ শিল্প, ভূমি সংৰক্ষণ বিভাগৰ মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই কাছাৰী ময়দানত ত্ৰিৰংগা পতাকা উত্তোলন কৰে ।

Advertisment

পতাকা উত্তোলন কৰি মন্ত্ৰীগৰাকীয়ে আৰক্ষী,এন চি চি,স্কাউট এণ্ড গাইড ৰ অভিনন্দন গ্ৰহণ কৰে। ভাষণত মন্ত্ৰীগৰাকীয়ে জিলাখনৰ গুণ-গৰিমা বাখ্যা কৰি বৰ্তমানে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ হকে কৰি থকা কাম কাজৰ খতিয়ান দাঙি ধৰে। এইবেলি স্বাধীনতা দিৱসৰ পেৰেড গ্ৰাউণ্ডত আৰক্ষী,এন চি চি , স্কাউট এণ্ড গাইড বিভিন্ন শিক্ষানুষ্ঠানৰ বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসহ মুঠ ১০ টা দলে পেৰে়ডত অংশগ্ৰহণ কৰে ৷ পেৰেডৰ পিছত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে ল'ৰা-ছোৱালীৰ মাজত খেল ধেমালি অনুষ্ঠিত কৰা হয়।

Also Read: ঘণ অৰণ্যত নাগা স্বাধীনতা দিৱস উদযাপন...

mangaldai independence day