মঙলদৈত দিন-দুপৰতে চিলনী চোৰে থপিয়াই নিলে মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন...

মঙলদৈ চহৰত প্ৰায় প্ৰতিদিনেই সংঘটিত হৈ আহিছে চুৰি কাৰ্য । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই ধাৰাবাহিক চুৰি কাৰ্য ৰোধৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ।
মঙলদৈত দিন-দুপৰতে চিলনী চোৰে থপিয়াই নিলে মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন...

প্ৰতিদিন সংবাদ মঙলদৈঃ মঙলদৈ চহৰত প্ৰায় প্ৰতিদিনেই সংঘটিত হৈ আহিছে চুৰি কাৰ্য । আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও এই ধাৰাবাহিক চুৰি কাৰ্য ৰোধৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই । সোমবাৰেও দিন দুপৰতে চহৰখনৰ মাজ মজিয়াৰ পৰাই চোৰে কাঢ়ি লৈ গল মহিলাৰ সোণৰ চেইন ।

চহৰখনৰ সবাতোকৈ ব্যস্ত এল,এন,বি ৰোডতেই সংঘটিত হ'ল এই কাৰ্য । এইবাৰ বি,টি, চি, ৰ ই এম দিগন্ত বৰুৱাৰ পত্নী অৰ্চনা বৰুৱাৰ ডিঙিৰ পৰাই আবেলি প্ৰায় ৩ মান বজাত স্কুটিৰে আহি থকা অৱস্থাত চিলনী চোৰে থপিয়াই গলৰ পৰা লৈ যায় সোণৰ চেইন ।

এনে চুৰি কাৰ্য ৰোধৰ বাবে প্ৰশাসনে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । দিন দুপৰতে যদি সৰ্বসাধাৰণ ৰাইজ বজাৰ সমাৰত আহিব নোৱাৰে কি নিৰাপত্তা দিছে প্ৰশাসনে বুলিও প্ৰশ্ন তুলিছে সাধাৰণ লোকে।

মঙলদৈত দিন-দুপৰতে চিলনী চোৰে থপিয়াই নিলে মহিলাৰ ডিঙিৰ পৰা সোণৰ চেইন...
কেবিনেট বৈঠক নহয়, এইবাৰ দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in