/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/6635de2a-44a6-46ff-8ba4-aa726d92182a/92.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ উত্তৰাঞ্চলৰ বৰদিকৰাই নদীৰ পাৰৰ বালিচাপৰি অঞ্চলৰ ৪০ বিঘাৰো অধিক মাটিত কৃষিকৰ্মৰ জৰিয়তে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে এজন যুৱকে। যিসময়ত একাংশ নিৱনুৱা যুৱকে পৰিয়ালৰ ভৰণ-পোষণৰ তাগিদাত বহিঃৰাজ্যত গৈ সামান্য কেইটামান টকাৰ বিনিময়ত কোম্পানীৰ লগতে বিভিন্ন হোটেল ৰেষ্টুৰেণ্টত চিকিউৰিটি গাৰ্ডৰ কাম কৰিব লগা হৈছে তেনে সময়তে জামুগুৰিৰ যুৱকজনে দেখুৱাইছে আদৰ্শৰ বাট ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e1a0a33c-82b2-47c6-a8a2-20a50f26e63e/f29b1d08_f91c_4e04_90e6_f1ad219e93ea.jpg)
জামুগুৰিহাটৰ যুৱক মদন বস্নেতে ঘৰতে থাকি নিজৰেই কৃষি ভূমিত কৃষি কৰ্ম কৰি উপাৰ্জন কৰা ধনেৰে পৰিয়াল ভৰণ-পোষণ দিবলৈ সক্ষম হৈছে ৷ যুৱ কৃষক মদন বস্নেতে বিগত ৫ বছৰ ধৰি বেঙেনা,জলকীয়া,তৰমুজ আৰু তিয়ঁহকে ধৰি বিভিন্ন খেতি কৰি বছৰত প্ৰায় ২ লক্ষাধিক টকা উপাৰ্জন কৰিছে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/e7e5de4b-c251-472c-ab63-58b10367b533/4ea79d59_75ad_48b7_b8bb_7f32ecffdc38.jpg)
যুৱকজনে নিজৰ লগতে ওচৰৰ ৭ গৰাকী যুৱকক কৃষি কৰ্মত জড়িত কৰি তেঁওলোককো কৰ্মত নিয়োজিত কৰিছে। যাৰ বাবে এই ৭টি পৰিয়ালত বিৰিঙি উঠিছে আশাৰ ৰেঙণি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3f7086f8-a2cc-4d4c-add4-f9a951da386e/af5009ab_637a_4330_9be0_0543c4fb1e12.jpg)
Also Read: হোমেন বৰগোহাঞিৰ উপন্যাসৰ আধাৰত মঞ্চস্থ হ'ব 'অস্তৰাগ'