২৬গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকলৈ দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ 'গুৰু বৈভৱ' উপাধি

২৬গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকলৈ দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ 'গুৰু বৈভৱ' উপাধিৰ

author-image
Asomiya Pratidin
New Update
২৬গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকলৈ দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ 'গুৰু বৈভৱ' উপাধি

ডিজিটেল সংবাদ, মঙলদৈঃ শিক্ষকসকল সমাজখনৰ বাবে লাইখুঁটা স্বৰূপ। যিসকল মানুহ গঢ়া খনিকৰৰ ওপৰত সমাজ এখনৰ ভাল-বেয়া নিৰ্ভৰ কৰি আহিছে। গোটেই জীৱনটো শিক্ষকতাৰ দৰে মহান বৃত্তিত জড়িত থাকি দেশ আৰু সমাজৰ বাবে বিশেষ ভাবে অৰিহনা আগবঢ়োৱাৰ পিছতো বিভাগৰ পৰা হয়তো বহুজনে প্রাপ্য স্বীকৃতিৰ পৰা বঞ্চিত হৈয়ে অৱসৰ লৈছে।

Advertisment

এনে মহান শিক্ষা গুৰুৱে জীৱনৰ বিয়লি বেলাত হ'লেও দৰতী কলাকৃষ্টি উন্নয়ন সংঘই গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। জানিব পৰা মতে অহা ৫ ছেপ্টেম্বৰত শিক্ষক দিৱসৰ দিনটোত ২৬ গৰাকী অৱসৰপ্ৰাপ্ত কৃতী শিক্ষকক 'গুৰু বৈভৱ' উপাধিৰে সন্মানিত কৰিব।

সন্মানীয় শিক্ষাগুৰুসকল চন্দ্ৰকান্ত নাথ (দক্ষিণ চুবুৰী), আলহাজ আজিজুৰ ৰহমান (দুমুনিচকী), প্রেমদা দেৱী (হাজৰিকাপাৰা), গৌৰীকান্ত শৰ্মা (ৰঙামাটি), চাহজামাল হক (মাৰৈ), ধৰণীধৰ নাথ (বৰদৌলগুৰি), অতুল চন্দ্ৰ সুত (চমুৱাপাৰা), দেৱেন মহন্ত (দেওমৰনৈ), প্রেমানন্দ বড়া (কলাইগাঁও), খিতেশ্বৰ ডেকা (ঔতলা), হংসেশ্বৰী শ‍ইকীয়া(ভুক্তাবাৰী), মাণিক চন্দ্ৰ ডেকা (পাথৰিঘাট), বীণাপাণি দেৱী (ভুক্তাবাৰী), তপন শৰ্মা (আউলাচৌকা), ভদ্ৰেশ্বৰ শ‍ইকীয়া (বৈৰাগীপাৰা), পূর্ণিমা ভূঞা (টংলা), অজিত কুমাৰ চহৰীয়া (মঙলদৈ), মিলিক কুমাৰ (জলজলী) মহম্মদ আলী (দুৱৰীপাৰা), উপেন্দ্ৰ কুমাৰ নাথ (গৰুখুঁটি), লোহিত চন্দ্ৰ কলিতা (নামখলা), ৰামচন্দ্ৰ ডেকা (বানেইকুছি), দেৱেন চন্দ্র নাথ (বালিপোটা), চন্দ্রাবালা দেৱী (বালিপাৰা), ভেৰৱচন্দ্ৰ বড়া (ঘোঁৰাবান্ধা), গজেন ডেকা (লেখাৰপাৰা)।

দৰঙী কলাকৃষ্টি উন্নয়ন সংঘৰ সাধাৰণ সম্পাদক নৱ কুমাৰ শ‍ইকীয়াই বিগত এটা বছৰত দৰঙী লোককৃষ্টি-সংস্কৃতিক বিশ্ব । দৰবাৰলৈ লৈ যোৱাৰ বাবে লোককৃষ্টি সমূহৰ ওপৰত এক ধাৰাবাহিক ভাৱে গ্ৰহণ কৰি অহা পদক্ষেপক সকলোৱে আদৰণি জনাইছে। এনে এটা সময় পাৰ হৈ গৈছে যে নামটোহে দৰঙী কলাবৃষ্টি উন্নয়ন সংঘ বুলি কার্যালয় এটা ছিপাঝাৰত থিয় হৈ আছিল। তাত নাছিল বৰ্তমানৰ দলে লোককৃষ্টি সংস্কৃতিৰ চৰ্চা তথা অনুশীলন। ইতিমধ্যে দৰঙী লোককৃষ্টিৰ শিল্পী সাধকক উন্নয়ন সংঘই বিশেষ পদক্ষেপ গ্ৰহণ কৰি সন্মানিত কৰি মাণ্যতা প্ৰদান কৰি সকলোৰে দৃষ্টি আকর্ষণ কৰিছে।

Also Read: ন-পুৰণি বিজেপিৰ মাজত কোনো সংঘাত নাই, এয়া মিডিয়া আৰু বিৰোধীৰ চক্ৰান্ত: যোগেন মহন