/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/de55dcb5-1596-4627-8c2b-beaf9273cf53/339.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈৰ কাছাৰী ময়দানত শনিবাৰে মঙলদৈ বিধানসভা সমষ্টিৰ ১৫১৯ গৰাকী লোকক ভূমি পট্টা প্ৰদানৰ বাবে এক অনুষ্ঠান আয়োজিত কৰা হয়। অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে পৰিৱেশ আৰু বন, সংখ্যালঘু উন্নয়ন আদি বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী।
মন্ত্ৰী পাটোৱাৰীয়ে কয় যে, ভূমিৰ অধিকাৰ নাথাকিলে খিলঞ্জীয়াৰ অধিকাৰ কেতিয়াও সুৰক্ষিত নহয়। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই 'মিছন বসুন্ধৰা'ৰ দৰে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/3462c6fc-9e0a-4e0c-99e0-9559fdd84e9a/428621540_951779959647668_3738089941129389685_n.jpg)
মিছন বসুন্ধৰাৰ জৰিয়তে জনসাধাৰণে যাতে সহজে সম্পূৰ্ণ স্বচ্ছ প্ৰক্ৰিয়াৰে ভূমিৰ অধিকাৰ লাভ কৰিব পাৰে সেয়া নিশ্চিত কৰিবলৈ বিচৰা হৈছে। জনসাধাৰণে কোনো মধ্যভোগীৰ সহায় নোলোৱাকৈ ভূমিৰ অধিকাৰ লাভ কৰাৰ প্ৰতি চোকা দৃষ্টি ৰাখি চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। মিছন বসুন্ধৰাৰ লক্ষ্য হৈছে ভূমিৰ অধিকাৰ প্ৰদানেৰে খিলঞ্জীয়া জনগোষ্ঠীৰ সৱলীকৰণ।
ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে এই অভিযানৰ অধীনত খিলঞ্জীয়া ভূমিহীন আৰু দুৰ্বল শ্ৰেণীৰ বাবে ভূমিৰ অধিকাৰ সুৰক্ষিত কৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।বংশানুক্ৰমিকভাৱে বসবাস কৰি থকা জনজাতীয় লোকৰ ভূমিৰ ওপৰত অধিকাৰ সুৰক্ষিত তথা সুনিশ্চিত কৰা হৈছে বুলি মন্তব্য কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/d331c203-58e3-4baf-a2c0-386d24024562/428621170_951780059647658_7854124156166626140_n.jpg)
মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত কয় যে, ড০ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছৰ পৰাই ৰাজ্যখনৰ ভূমি বিষয়ক তথ্য তথা ভূমিলেখৰ সংস্কাৰ আৰু ইয়াক ডিজিটেল পৰ্যায়লৈ লৈ যোৱাৰ কাৰণে চৰকাৰখনে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। খিলঞ্জীয়া লোকলৈ ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে ২০২১ চনৰ ২ অক্টোবৰত মিছন বসুন্ধৰা ১.০ আৰম্ভ কৰা হৈছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/316926e5-3419-4051-a56e-d1a682b60612/428629593_951780109647653_1763465881077795726_n.jpg)
মিছন বসুন্ধৰাৰ ১.০ ৰ সফল সামৰণিৰ পিছত বৰ্তমান মিছন বসুন্ধৰাৰ ২.০ ৰ অধীনত ৰাজ্যখনৰ সমষ্টিয়ে সমষ্টিয়ে খিলঞ্জীয়া লোকলৈ ভূমিৰ পট্টা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। চৰকাৰে এই মিছন বসুন্ধৰা অব্যাহত ৰাখিব আৰু সোনকালেই মিছন বসুন্ধৰা ৩.০ ৰ আৰম্ভ কৰা হ'ব।
মিছন বসুন্ধৰা ২.০ৱে সামৰি নোলোৱা বিভিন্ন জনগোষ্ঠীৰ লোকক মিছন বসুন্ধৰা ৩.০ত সামৰি লোৱা হ'ব। মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত বৰ্তমানৰ চৰকাৰে কৃষি স্বাস্থ্য আদি বিভিন্ন ক্ষেত্ৰত গ্ৰহণ কৰা আঁচনি আৰু পদক্ষেপৰ পৰা জনসাধাৰণে লাভ কৰা সুফলৰ বিষয়েও উল্লেখ কৰে।
অনুষ্ঠানত মঙলদৈৰ বিধায়ক বসন্ত দাসেও ভাষণ প্ৰদান কৰে। বিধায়কগৰাকীয়ে তেওঁৰ ভাষণত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আৰম্ভ কৰা মিছন বসুন্ধৰা খিলঞ্জীয়ালোকক ভূমি অধিকাৰ প্ৰদানৰ ক্ষেত্ৰত এক যুগান্তকাৰী আঁচনি বুলি মন্তব্য কৰে।
আজিৰ অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে।অনুষ্ঠানত ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষা নিলীমা দেৱী, বিশিষ্ট সমাজকৰ্মী অমৰেন্দ্ৰ শৰ্মাৰ লগতে বহু কেইগৰাকী বিশিষ্ট নাগৰিক,চৰকাৰী বিষয়া, ভূমি পট্টা লাভ কৰা লোক আৰু সাধাৰণ ৰাইজ উপস্থিত থাকে।
Also Read: ৰৌতা-ওদালগুৰি জিলা কোচ-ৰাজবংশী সন্মিলনীৰ উদ্যোগত ৫১৪ সংখ্যক মহাবীৰ চিলাৰায় দিৱস পালন