/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/184e20b0-a4ae-45c2-b72c-ee5227c1c931/338.jpg)
ডিজিটেল সংবাদ,ওৰাং : ওদালগুৰি জিলাৰ ৰৌতাত শনিবাৰে বিশ্ব মহাবীৰ চিলাৰায়ৰ ৫১৪ সংখ্যক জয়ন্তী উদযাপন কৰা হয়। ৰৌতা ফুহুৰাবাৰী গাঁৱৰ ৰাজহুৱা নামঘৰ প্ৰাঙ্গণত মহাবীৰগৰাকীৰ জয়ন্তী উদযাপনৰ লগতে এদিনীয়া কাৰ্যক্ৰমনিকাৰে ৰৌতা আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীৰ ত্ৰয়োদশ দ্বিবাৰ্ষিক আৰু ৰৌতা আঞ্চলিক মহিলা সন্মিলনীৰ চতুৰ্থ দ্বি-বাৰ্ষিক অধিৱেশনখনিও অনুষ্ঠিত হয়।
কাৰ্য্যক্ৰমনিকা অনুসৰি পুৱা ৮-৩০ বজাত ওদালগুৰি জিলা কোচ-ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি কুসুম্বৰ ডেকাই পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে গাঁও সভাসমূহৰ পতাকা উত্তোলন কৰে সভাপতিসকলে।
দিনৰ ১১-০০ বজাত ওদালগুৰি জিলা কোচ-ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সভাপতি খজেন ডেকাই মুকলি সভা উদ্বোধন কৰাৰ পাচতেই ওদালগুৰি জিলা সন্মিলনীৰ সভাপতি অপূৰ্ব ডেকাৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। এই মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে আমন্ত্ৰিত মাজবাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক পিংকু বৰাই ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-02/c3c6ae8b-b6b3-4cd5-a962-63271ea9edb7/17fbdb88_3171_4276_b56b_60e8d5acabb1.jpg)
মুখ্য অতিথিৰূপে উপস্থিত থাকে মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক চৰণ বড়ো। বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে নলবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দীনেশ্বৰ বৰুৱা।
আনহাতে নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ধনশ্ৰী পাৰিষদীয় সমষ্টিৰ পাৰিষদ ফ্ৰেচ মুছাহাৰি। কেইবা শতাধিক সাংগঠনিক কৰ্মকৰ্তা সৰ্বসাধাৰণ ৰাইজৰ উপষ্ঠিতিত আয়োজিত সভাত কোচ ৰাজবংশী জনগোষ্ঠীৰ নৃত্য-গীতে ৰাইজক আপ্লুত কৰে।
Also Read: বৰহোলা ইকৰাণি পঞ্চায়তৰ অন্তৰ্গত বিধস্ত পথ মেৰামতি দাবীত উত্তাল প্ৰতিবাদ