মঙলদৈত বহিঃ ৰাজ্যৰ কোম্পানীয়ে চলাইছে লুণ্ঠনৰাজ

মঙলদৈত বহিঃ ৰাজ্যৰ কোম্পানীয়ে চলাইছে লুণ্ঠনৰাজ

author-image
Asomiya Pratidin
New Update
মঙলদৈত বহিঃ ৰাজ্যৰ কোম্পানীয়ে চলাইছে লুণ্ঠনৰাজ

ডিজিটেল সংবাদ,মঙলদৈ : মঙলদৈত জাঙুৰ খাই উঠিল একাংশ ৰাইজ, সদৰ থানাত এজাহাৰ দাখিল। কিয়নো কলিকতীয়া এটা কোম্পানীয়ে লুণ্ঠনৰ নতুন জাল পাতি ৰাইজৰ ক্ষোভৰ সন্মুখীন হয়।

Advertisment

সেয়ে ক্ষুব্ধ ৰাইজে মঙলদৈ থানাত এজাহাৰ দাখিল কৰাত কোম্পানীটোৰ বিষয়া কৰ্মচাৰীক মঙলদৈ সদৰ থানাৰ আৰক্ষীয়ে আৱদ্ধ কৰি ৰাখিছে। জানিব পৰামতে, কলকাতাৰ এ বি আই বি পি এল নামৰ কোম্পানী এটাত নিয়োজিত কৰ্মচাৰীয়ে কিছুদিন আগতে মঙলদৈৰ এটা তেল ডিপোৰ সন্মুখত অৱস্থান কৰি তেল ভৰাব অহা গ্ৰাহকসকলক এটাকৈ লাকী ড্ৰ কুপন দিছিল।

এই কুপন লাভ কৰা কিছুসংখ্যক গ্ৰাহকক শুকুৰবাৰে কোম্পানীটোৰ কৰ্মচাৰীয়ে 'আপুনি কুপনৰ জৰিয়তে বিজয়ী সন্মান লাভ কৰিছে' বুলি জনাই পুৰস্কাৰ ল'বলৈ পৰিয়ালসহ ফোনযোগে মঙলদৈলৈ মাতি আনে। মঙলদৈত উপস্থিত হোৱা লাকী ড্ৰ বিজেতাসকলক ৩০ টকীয়া কাচৰ বাতিৰ চেট প্ৰদান কৰে।

লাকী ড্ৰ বিজয়ীসকলক বহুৱাই লৈ HDFC বেংকৰ লগত জড়িত কোম্পানীত টকা বিনিয়োগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰে। এনে কৰাত লাকী ড্ৰ বিজেতাসকলে কোম্পানীটোৰ কামকাজত ক্ষুব্ধ হৈ পৰে।

এই সম্পৰ্কত মঙলদৈৰ কেইবাটাও পৰিয়ালে পুৰস্কাৰ ল'বলৈ আহি কোম্পানীটোৰ ঠগ প্ৰৱঞ্চনাৰ বলি হোৱা বুলি অভিযোগ উত্থাপিত কৰে। সেয়ে তেওঁলোকে এই সম্পৰ্কত আৰক্ষীক খবৰ দিয়াৰ লগতে এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে কোম্পানীটোৰ অসম শাখাৰ বিষয়া ভাস্কৰ পাঠক আৰু অন্যান্য কৰ্মচাৰীক থানালৈ আনি তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে আৰক্ষীয়ে কৰা প্ৰাৰম্ভিক তদন্তত মঙলদৈস্থিত HDFC বেংকৰ লগত উক্ত কোম্পানীটোৰ কোনো সম্পৰ্ক নথকাৰ কথা পোহৰলৈ অহাত ঘটনাটো অধিক ৰহস্যৰ মাজলৈ সোমাই পৰিছে।

Also Read: মঙলদৈ লাচিত নগৰ চ'কত শিৱ মন্দিৰ পুনৰ নিৰ্মাণৰ কাম আৰম্ভ

mangaldoi