দৰং জিলা কংগ্ৰেছৰ পৰা ৩০০ বিষয়ববীয়া-কৰ্মীৰ সমূহীয়া পদত্যাগ

দৰং জিলা কংগ্ৰেছৰ পৰা ৩০০ বিষয়ববীয়া-কৰ্মীৰ সমূহীয়া পদত্যাগ

author-image
Asomiya Pratidin
New Update
কোন হ'ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি? নিৰ্বাচনৰ দিন ঘোষণা...

ডিজিটেল সংবাদ, মঙলদৈঃ লোকসভা নিৰ্বাচনৰ আগমূহুৰ্তত দৰং জিলা কংগ্ৰেছ কমিটিত পদত্যাগৰ জোৱাৰ। বুধবাৰে দৰং জিলা কংগ্ৰেছ কমিটীৰ বিভিন্ন বিষয়বাবত থকা ৩০০ বিষয়ববীয়া আৰু কৰ্মীয়ে দৰং জিলা কংগ্ৰেছ কমিটীৰ সভাপতিলৈ এক পদত্যাগ পত্ৰ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে ।

Advertisment

আজি বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এই কথা সদৰী কৰিছে পদত্যাগী সকলে। পদত্যাগ কৰা দৰং জিলা কংগ্ৰেছৰ বিষয়ববীয়া আৰু কৰ্মী সকল হৈছে: পশ্চিম মঙলদৈ ব্লক কংগ্ৰেছৰ সভাপতি বিপুল কুমাৰ ডেকা,মঙলদৈ টাউন ব্লক কংগ্ৰেছৰ সভাপতি ৰাকেশ বৰুৱা,দৰং জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী অনিতা ৰাজবংশী, কংগ্ৰেছ নেতা ইব্ৰাহিম তালুকদাৰ, ইয়ং ব্ৰিগেডৰ সভাপতি কমৰুল ইছলাম, সাধাৰণ সম্পাদক সৰলা কলিতা,দৰং জিলা কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সদস্য দ্বীপ কিশোৰ শইকীয়া,দৰং জিলা কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্য প্ৰযুক্তি বিভাগৰ অধ্যক্ষ ইলিয়াছ দেৱান, সাধাৰণ সম্পাদক চাহিল আলম ইত্যাদি।

ইয়াৰ বাহিৰেও মঙলদৈ সমষ্টি যুৱ কংগ্ৰেছ, মঙলদৈ কংগ্ৰেছ সেৱা দলৰ বিভিন্ন বিষয়ববীয়া,দৰং জিলা কংগ্ৰেছৰ বিভিন্ন মন্ডল সভাপতি,পঞ্চায়তৰ প্ৰাক্তন সভাপতি আদিকে ধৰি ৩০০ বিষয়ববীয়া আৰু কৰ্মীয়ে কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পৰা সমূহীয়া পদত্যাগ কৰে।

Also Read: বিয়াৰ দিনাই ৰভাতলীৰ পৰা পলায়ন কইনাৰ

congress