বিশিষ্ট শিল্পী বংশীধৰ ডেকালৈ 'ধৰ্ম্মদেৱ বিপ্ৰ বঁটা'...

বিশিষ্ট শিল্পী বংশীধৰ ডেকালৈ 'ধৰ্ম্মদেৱ বিপ্ৰ বঁটা'...

ডিজিটেল সংবাদ মঙলদৈঃ বিশিষ্ট লোকসংগীত শিল্পী, বাঁহীবাদক, গীতিকাৰ, সুৰকাৰ তথা অনাতাঁৰ শিল্পী দৰঙৰ মঙলদৈ শইকীয়াপাৰা নিবাসী বংশীধৰ ডেকাই লাভ কৰিছে মৰ্যাদাপূৰ্ণ 'ধৰ্ম্মদেৱ বিপ্ৰ বঁটা'। অবিভক্ত দৰং জিলা লোকশিল্পী কল্যাণ নিধিয়ে লোকসংস্কৃতিৰ সাধক তনুৰাম ৰাজবংশী শাস্ত্ৰীৰ সোঁৱৰণত দৰঙৰ দেউল উৎসৱৰ প্ৰতিষ্ঠিতা ধৰ্ম্মদেৱ বিপ্ৰৰ নামত সদৌ অসম ভিত্তিত বিগত বৰ্ষৰ পৰা প্ৰদান কৰি অহা এই বঁটাত আছে নগদ ধন, মানপত্ৰ, স্মাৰক, অংগ বস্ত্ৰ ইত্যাদি।

কল্যাণ নিধিৰ আজি ২০ জুনত মঙলদৈ সনাতন ধৰ্মসভা প্ৰাংগনত অনুষ্ঠিত হ'ব লগা তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত এই বঁটা প্ৰদান কৰা হ'ব। আজি কল্যাণ নিধিৰ অধ্যক্ষ তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীৰ সঞ্চালনাত অনুষ্ঠিত হ'বলগা বঁটা প্ৰদান অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকিব মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলিপ কুমাৰ শইকীয়া, মঙলদৈৰ বিধায়ক বসন্ত দাস, মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰজ্যেতি দাস, দৰঙৰ উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটে, আৰক্ষী অধীক্ষক প্ৰকাশ সোনোৱাল, লোক সংস্কৃতিৰ গৱেষক ড০ বিজয় কুমাৰ শৰ্মা, বিশিষ্ট ব্যাস সংগীতৰ সাধক তীৰ্থ নাথ ওজা, দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়া, মঙলদৈ জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি ৰাজেন্দ্ৰ নাথ হাজৰিকা, সাংস্কৃতিক সংগঠক ৰাজীব কুমাৰ ডেকা, সদৌ অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মা প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল।

মূল অনুষ্ঠানৰ আগত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতিচ্ছবিত মাল্যৰ্পন কৰিব বিশিষ্ট সাহিত্যিক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে আৰু বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট কবি ডাঃ কমলা কান্ত শৰ্মাই। পুৱাৰ ভাগত পতাকা উত্তোলক হিচাপে কল্যাণ নিধিৰ উপাধ্যক্ষ হবিবুৰ ৰহমান, বন্তি প্ৰজ্বলক হিচাপে সমাজ সেৱী শেখৰ মজুমদাৰ আৰু মুখ্য স্মৃতি তৰ্পক হিচাপে বিশিষ্ট নাট্যকাৰ আব্দুল আজিজে অংশগ্ৰহণ কৰিব লগা এই অনুষ্ঠানত কল্যাণ নিধিৰ মুখ্য সচিব তৰুণ আজাদ ডেকা, সচিবদ্বয় মুকুট চন্দ্ৰ হাজৰিকা আৰু মৃণাল কুমাৰ ৰাজবংশীয়ে সকলোৰে উপস্থিতি কামনা কৰিছে।

বিশিষ্ট শিল্পী বংশীধৰ ডেকালৈ 'ধৰ্ম্মদেৱ বিপ্ৰ বঁটা'...
গোৱালপাৰাত তিনি পাষণ্ডই অপহৰণ কৰি দলৱদ্ধ ধৰ্ষণ কৰিলে ছাত্ৰীক !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in