দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি

নৰেন্দ্ৰ মোডীয়ে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব : মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

author-image
Asomiya Pratidin
New Update
দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি

ডিজিটেল সংবাদ,‌মঙলদৈ : মঙলদৈত দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়টো মঙলবাৰে মুকলি কৰা হয়। ভাৰতীয় জনতা পাৰ্টীৰ দৰং জিলা মুখ্য কাৰ্যালয়ত স্থাপিত এই মুখ্য নিৰ্বাচনী কাৰ্যালয় মুকলি অনুষ্ঠানত সাংসদ দিলীপ শইকীয়া,মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিধায়ক দিগন্ত কলিতা, ড০ পৰমানন্দ ৰাজবংশী, প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ লগতে দৰং ওদালগুৰি লোকসভা সমষ্টিৰ বিজেপি মিত্ৰ দলৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল উপস্থিত থাকে।

Advertisment

উক্ত সভাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, নৰেন্দ্ৰ মোডীয়ে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নামত নিৰ্বাচনী কাৰ্যালয় স্থাপন কৰা হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাই একো একোজন প্ৰাৰ্থী হিচাপে কাম কৰিম বুলি উল্লেখ কৰে।

Also Read: আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত জানক এইকেইটা কথা...

jayanta malla baruah Dr Parmananda Rajbanshi loksabha election mangaldai dilip saikia