আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত জানক এইকেইটা কথা...

আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত জানক এইকেইটা কথা...

author-image
Asomiya Pratidin
New Update
আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা সন্দৰ্ভত জানক এইকেইটা কথা...

ডিজিটেল ডেস্ক : আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাকলৈ একাধিক নতুন নিয়ম সংযোজনেৰে সাজু হৈছে ছেবা। অহা ১৬ ফেব্ৰুৱাৰীৰ পৰা ৪ মাৰ্চলৈ অনুষ্ঠিত হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষা।

Advertisment

অসমৰ মুঠ ৯১৩টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হ'ব লগা হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰায় ৪লক্ষাধিক পৰীক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পিছে এইবাৰৰ অনুষ্ঠিতব্য পৰীক্ষাত একাধিক নতুন নিয়ম সংযোজন কৰাৰ কথা জানিব পৰা গৈছে। জানিব পৰামতে উক্ত পৰীক্ষাত ৪টা বিষয়ত পৰীক্ষাৰ্থীয়ে অ' এম আৰ শ্বীট ব্যৱহাৰ কৰিব লাগিব।

সাধাৰণ গণিত, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজী বিষয়ত পৰীক্ষাৰ্থীসকলে অ' এম আৰ শ্বীত ব্যৱহাৰ কৰিব লাগিব। এই ৪টা বিষয়ৰ প্ৰতিটো বিষয়ত মুঠ ৯০ নম্বৰৰ প্ৰশ্ন থাকিব বুলি জানিব পৰা গৈছে। ইফালে ব'হাগ বিহুৰ পূৰ্বে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ বাবে চেষ্টা কৰিব ছেবাই।

Also Read: ৬ বছৰীয়া শিশু হত্যাকাণ্ড! কিশোৰক আটক

education seba hslc