নতুন সংসদ ভৱনত ছাদৰ পৰা নিগৰি হোৰাহোৰে পৰিছে বৰষুণৰ পানী...

বৰষুণতে এই অৱস্থাৰ সন্মুখীন হোৱা নতুন সংসদ ভৱনে আন প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কিদৰে কৰিব?- কংগ্ৰেছৰ প্ৰশ্ন

author-image
Asomiya Pratidin
New Update
নতুন সংসদ ভৱনত ছাদৰ পৰা নিগৰি হোৰাহোৰে পৰিছে বৰষুণৰ পানী...

নতুন সংসদ ভৱনত ছাদৰ পৰা নিগৰি হোৰাহোৰে পৰিছে বৰষুণৰ পানী...

ডিজিটেল ডেস্কঃ দিল্লীত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ মাজতে নতুন সংসদ ভৱনত অথন্তৰ। উদ্বোধনৰ এবছৰ সম্পূৰ্ণ হোৱাৰ পাছতেই নতুন সংসদ ভৱনৰ ছাদৰ পৰা হোৰাহোৰে পৰিছে বৰষুণৰ পানী।

Advertisment

ছাদৰ পৰা নিগৰি পৰা এই বৰষুণৰ পানী মজিয়াত বিয়পি নপৰিবলৈ তলত পাতি দিয়া হৈছে এটা ডাঙৰ বাল্টি। এই সন্দৰ্ভত কংগ্ৰেছ সাংসদ মণিকম ঠাকুৰে সামাজিক মাধ্যমত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে।

ঠাকুৰে শ্বেয়াৰ কৰা ভিডিঅ'ত দেখা গৈছে সংসদৰ লবীত ছাদৰ পৰা হোৰাহোৰে পৰিছে পানী। তলত পাতি থোৱা হৈছে এটা বাল্টি। এই স্থানৰ মজিয়াখন বৰষুণৰ পানী পৰি তিতি থকাও দেখা গৈছে। জানিব পৰা মতে ৰাষ্ট্ৰপতি সংসদলৈ যোৱাৰ সময়ত এই লবী ব্যৱহাৰ কৰা হয়।

লোকসভাৰ কংগ্ৰেছৰ হুইপ মণিকম ঠাকুৰে এই বিষয়টো সংসদৰ আলোচনালৈ আনিবলৈ সভা স্থগিত প্ৰস্তাৱ আনিবলৈয়ো সাজু হৈছে। তেওঁ কয়, মাত্ৰ এবছৰ আগতে উদ্বোধন কৰা সংসদৰ লবীত যিধৰণে পানী নিগৰি আছে তাৰ পৰা স্পষ্ট যে, নতুন সংসদ ভৱনে প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ অসক্ষম।

ইফালে এই বিষয়ত তৃণমূলৰ সাংসদ ডেৰেক অ'ব্ৰায়েনে সমালোচনা কৰি কয়, নতুন মোডী চৰকাৰ সকলোতে লিক। প্ৰশ্ন কাকত লিক, পানী লিক, চিষ্টেম লিক। আনকি জনসাধাৰণৰ ৰায়ো লিক।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২০২৩ ৰ ২৮ মে'ত নিজেই উদ্বোধন কৰা এই নতুন সংসদ ভৱনক তেওঁৰ স্বপ্নৰ প্ৰকল্প বুলি উল্লেখ কৰিছিল। হাজাৰ বিৰোধিতাৰ পাছতো কোটি কোটি টকা খৰচ কৰি চেন্ট্ৰেল ভিষ্টা প্ৰকল্প নিৰ্মাণ কৰিছে নৰেন্দ্ৰ মোডীৰ চৰকাৰে।

নতুন সংসদ ভৱন সেই চেণ্ট্ৰেল ভিষ্টা প্ৰকল্পৰে অংশ। সংসদৰ প্ৰতিটো দিশতে ভাৰতীয় সভ্যতা, সংস্কৃতিক তুলি ধৰা হৈছে। কিন্তু আজি পোহৰলৈ অহা এই ভিডিঅ'ই এতিয়া বহু প্ৰশ্নৰ উত্থাপন কৰিছে।

নতুন সংসদ ভৱনত নিৰ্মাণত বিসংগতি হৈছিল নেকি বুলিও প্ৰশ্ন উঠিছে। সমান্তৰালকৈ প্ৰশ্ন উঠিছে এই নতুন সংসদ ভৱনে বৰষুণৰ পানীকেই ধৰি ৰাখিব পৰা নাই, আন প্ৰাকৃতিক দুৰ্যোগৰ মোকাবিলা কিদৰে কৰিব?

Also Read: দুভাগ হ’ব বিজেপি ! তিনিচুকীয়াত ৰাজেন গোহাঁইৰ নেতৃত্বত গোপন বৈঠক

কংগ্ৰেছ নতুন সংসদ ভৱন নৰেন্দ্ৰ মোডী