দৰঙত ৰাষ্ট্ৰীয় বয়োসী যোজনাৰ অধীনত সহায়ক সজুঁলি বিতৰণ

দৰঙত ৰাষ্ট্ৰীয় বয়োসী যোজনাৰ অধীনত সহায়ক সজুঁলি বিতৰণ

ডিজিটেল সংবাদ,‌ মঙলদৈঃ মঙলদৈত অৱস্থিত জিলা পুথিভঁৰালত বৃহস্পতিবাৰে আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় বয়োসী যোজনাৰ অধীনত জিলাখনৰ জেষ্ঠ্য নাগৰিকসকলৰ বাবে তেওঁলোকৰ জীৱনৰ কাৰণে প্ৰয়োজনীয় সহায়ক সঁজুলি বিতৰণ কৰা হয়। অনুষ্ঠানত মুখ্য অতিথিৰূপে ভাষণ প্ৰদান কৰি মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই কয় যে বয়োজেষ্ঠ্যসকলে তেওঁলোকৰ জীৱনৰ এছোৱা উল্লেখযোগ্য সময় সমাজৰ কাৰণে আগবঢ়ায়।

তেওঁলোকৰ কাম-কাজেৰে সমাজ সমৃদ্ধ হয়। নতুন প্ৰজন্মৰ সকলো উন্নয়নমূলক কাম-কাজৰ বাবে তেওঁলোকে ভেটি নিৰ্মাণ কৰি দিয়ে। বৃদ্ধাৱস্থাত তেওঁলোকক সহায় কৰাতো আমাৰ সকলোৰে কৰ্তব্য। ৰাষ্ট্ৰীয় বয়োসী যোজনাৰ অধীনত এই বয়োজেষ্ঠ্যসকলৰ প্ৰতি তেওঁলোকৰ জীৱন যাপনৰ কাৰণে প্ৰয়োজনীয় সহায়ক সঁজুলি আগবঢ়োৱা হয়। ভাষণৰ প্ৰসংগত সাংসদগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে বিকাশ আৰু প্ৰগতিৰ দিশত দ্ৰুতগতিৰে আগবাঢ়িছে। দেশৰ প্ৰগতিৰ বিভিন্ন তথ্য উল্লেখ কৰি সাংসদগৰাকীয়ে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰতক সমগ্ৰ বিশ্বৰ ভিতৰতেই এখন প্ৰধান শক্তিশালী ৰাষ্ট্ৰৰূপে গঢ় দিয়াৰ বাবে আমি সকলোৱে আন্তৰিকতাৰে কাম কৰিব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ বিভিন্ন কল্যাণমূলক আঁচনিয়ে গৰ্ভৱতী মহিলাৰ পৰা বয়োজেষ্ঠ্যলোকলৈকে সকলোকে সামৰি লৈছে বুলি সাংসদগৰাকীয়ে কয়।

অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰ্যালয়ৰ ৰাষ্ট্ৰীয় বয়োসী যোজনাৰ অধীনত হিতাধিকাৰীসকলে লাভ কৰা সহায়ক সজুঁলিসমূহে বয়োজেষ্ঠ্য নাগৰিকসকলক বিশেষভাৱে উপকৃত কৰিব বুলি তেওঁ মন্তব্য কৰে।

জিলাখনৰ পূৱ মঙলদৈ আৰু পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ মুঠ ৭২ গৰাকী হিতাধিকাৰীৰ মাজত এনে সহায়ক সঁজুলি বিতৰণ কৰা হয়। এই সজুঁলিসমূহৰ ভিতৰত হুইল চেয়াৰ, চছমা, নকল দাঁত, শ্ৰৱণ যন্ত্ৰ আদি বিভিন্ন সামগ্ৰী আছে।

উল্লেখ্য যে ভাৰতীয় কৃত্ৰিম অংগ নিৰ্মাণ নিগম(এলিমক') এই আঁচনি ৰূপায়ণকাৰী সংস্থা। বৃহস্পতিবাৰে পূৱ মঙলদৈ আৰু পশ্চিম মঙলদৈ উন্নয়ন খণ্ডৰ হিতাধিকাৰীসকলৰ মাজত এনে সহায়ক সঁজুলি বিতৰণৰ পিছত পৰ্যায়ক্ৰমে জিলাখনৰ আন উন্নয়ন খণ্ডসমূহৰ হিতাধিকাৰীসকলৰ মাজতো এনে সজুঁলিসমূহ বিতৰণ কৰা হ'ব। জিলাখনৰ মুঠ ১১৩৩ গৰাকী হিতাধিকাৰীৰ মাজত ৭৪১৪ বিধ সামগ্ৰী বিতৰণ কৰা হ'ব।

অনুষ্ঠানত অসম ৰাজ্যিক মীন উন্নয়ন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাস, অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষা নিলীমা দেৱী, এলিমক' ৰ প্ৰতিনিধি বিষয়া মুকেশ মিশ্ৰও উপস্থিত আছিল।

দৰঙত ৰাষ্ট্ৰীয় বয়োসী যোজনাৰ অধীনত সহায়ক সজুঁলি বিতৰণ
শাৰদ পাৱৰক মোক্ষম আঘাত! অজিত পাৱাৰৰ গোটতোহে প্ৰকৃত এনচিপি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in