মঙলদৈ অসামৰিক চিকিৎসালয়ত দিব্যাংগ চিনাক্তকৰণ শিবিৰ

মঙলদৈ অসামৰিক চিকিৎসালয়ত দিব্যাংগ চিনাক্তকৰণ শিবিৰ

ডিজিটেল সংবাদ,মঙলদৈ: মঙলদৈ অসামৰিক চিকিৎসালয়ত ৩ দিনীয়াকৈ দিব্যাংগ চিনাক্ত শিবিৰ অনুষ্ঠিত কৰা হয়। সদৌ অসম দিব্যাংগ বহুমুখী উন্নয়ন সন্থা আৰু আনন্দম ৰ উদ্যোগত দৰং জিলা সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়ৰ সহযোগত মঙলবাৰে শিবিৰৰ শোভাৰম্ভ কৰা হয়।

১১, ১৮ আৰু ২৫ জুন ২০২৪ ত অনুষ্ঠিত হোৱা এই শিবিৰত জিলা খনৰ বহু সংখ্যক দিব্যাংগ ব্যক্তিক চিনাক্ত কৰি পৰিচয় পত্ৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰে স্বেচ্ছাসেৱী সংগঠনটিয়ে। অনলাইন যোগে প্ৰ-পত্ৰ পূৰা কৰি এই সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায় উদ্যোগক্তা সকলে।

মঙলদৈ অসামৰিক চিকিৎসালয়ত দিব্যাংগ চিনাক্তকৰণ শিবিৰ
চফ,আজৱাইন,জিৰাঃ আজি দিম গুণাগুণৰ বতৰা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in