পুনৰ হাত দাঙিলে এগৰাকী বিষয়াই

পুনৰ হাত দাঙিলে এগৰাকী বিষয়াই

author-image
Asomiya Pratidin
New Update
পুনৰ হাত দাঙিলে এগৰাকী বিষয়াই

ডিজিটেল ডেস্ক : অন্ত পৰা নাই চৰকাৰী বিষয়াৰ হাত দঙাৰ প্ৰতিযোগিতা। পুনৰ হাত দাঙিলে এগৰাকী বিষয়াই। মংলবাৰে দৰঙত দুৰ্নীতি নিবাৰক শাখাৰ এটি দলে অভিযান চলায়।

এই অভিযানত জিলা কৃষি বিভাগৰ বিষয়া বিদ্যুৎ তালুকদাৰক গ্ৰেপ্তাৰ কৰা হয়। জানিব পৰামতে উৎকোচ লৈ জিলা কৃষি বিভাগৰ বিষয়া বিদ্যুৎ তালুকদাৰ অভিযানকাৰী দলটোৰ হাতত হাতে-লোটে ধৰা পৰে। বিষয়াগৰাকীয়ে এগৰাকী কৃষকৰ পৰা ৩ হাজাৰ টকা উৎকোচ লোৱা বুলি জানিব পৰা গৈছে।

Also Read: মুখ্যমন্ত্ৰীৰ পত্নী !

crime Directorate of Vigilance & Anti-Corruption mangaldai