নাবালিকাক বলাৎকাৰ আৰু আত্মহত্যা কৰিবলৈ প্ৰচোৰিত কৰাৰ অপৰাধত অধ্যাপকক আজীৱন কাৰাদণ্ড

বেংতল মহাবিদ্যালয়ৰ লম্পট বলাৎকাৰী সহকাৰী প্ৰবক্তা প্ৰবীণ নাৰ্জাৰীক আজীৱন কাৰাবাস আৰু ২৫ হাজাৰ টকাৰ জৰিমনা
নাবালিকাক বলাৎকাৰ আৰু আত্মহত্যা কৰিবলৈ প্ৰচোৰিত কৰাৰ অপৰাধত  অধ্যাপকক আজীৱন কাৰাদণ্ড
নাবালিকাক বলাৎকাৰ আৰু আত্মহত্যা কৰিবলৈ প্ৰচোৰিত কৰাৰ অপৰাধত অধ্যাপকক আজীৱন কাৰাদণ্ড

ডিজিটেল সংবাদ চিৰাং: নাবালিকাক বলাৎকাৰ আৰু আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰা এগৰাকী কলেজৰ প্ৰবক্তা তথা আচামীৰ বিৰুদ্ধে কাজলগাঁৱৰ জিলা সত্ৰ ন্যায়াধীশ আদালতে আজি এক দৃষ্টান্তমূলক শাস্তিৰ ৰায়দান কৰে। জানিব পৰা মতে এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰীক বলাৎকাৰ আৰু আত্মহত্যাৰ বাৱে প্ৰচোৰিত কৰাৰ অপৰাধত অভিযুক্ত আচামী তথা বেংতল কলেজৰ সহকাৰী প্ৰৱক্তা প্ৰবীণ নাৰ্জাৰী (৪৬) ক কাজলগাঁৱৰ সত্ৰ ন্যায়াধীশ আদালতৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰূপক ৰজকে আজীৱন সশ্ৰম কাৰাদণ্ডৰ ৰায়দান কৰে লগতে ২৫ হেজাৰ টকাৰ জৰিমানা বিহে।

জৰিমানা অনাদায়ে আচামী প্ৰবীণ নাৰ্জাৰীয়ে অতিৰিক্ত আৰু তিনিমাহ কাৰাবাস খাটিব লাগিব বুলি ৰায়দানত উল্লেখ কৰে। চৰকাৰী অধিবক্তা নন্দিতা বসুমতাৰীয়ে সংবাদ মাধ্যমৰ সদৰি কৰা মতে- ২০২১ চনৰ মে' মাহত বেংতল কলেজৰ দৰ্শন বিভাগৰ সহকাৰী প্ৰবক্তা প্ৰবীণ নাৰ্জাৰীয়ে এগৰাকী দৰিদ্ৰ ঘৰৰ কিশোৰীক সৰু-সুৰা ঘৰুৱা কাম কৰাৰ লগতে পঢ়াশুনা কৰাৰ বাবে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ বেংতল- টুক্ৰাঝাৰস্থিত নিজৰ বাসগৃহলৈ লৈ আহিছিল ।

উচ্চ শিক্ষাৰে শিক্ষিত কিন্তু লম্পট চৰিত্ৰৰ প্ৰবক্তা প্ৰবীণ নাৰ্জাৰীয়ে নিশাৰ ভাগত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীৰ ইচ্ছাৰ বিৰুদ্ধে গৈ তেওঁৰ কোঠালীত প্ৰৱেশ কৰি যৌন নিৰ্যাতন চলাইছিল। কেইবাদিন এই দুষ্কাৰ্য সংঘটিত কৰি লম্পট প্ৰবীণ নাৰ্জাৰীয়ে কিশোৰীগৰাকীক ভয় ভাবুকিও প্ৰদান কৰিছিল যাতে এই সন্দৰ্ভত কোনো কথা কাকো নজনায়।

কিন্তু যৌন নিৰ্যাতনৰ বলি হোৱা ছাত্ৰীগৰাকীয়ে লম্পট প্ৰবক্তা প্ৰবীণ নাৰ্জাৰীৰ কুকৃৰ্তিৰ কথা বন্ধু এজনক মোবাইল ফোন যোগে মেছেজ কৰি অৱগত কৰি আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ পিছত আৰ্থিক, ৰাজনৈতিক শক্তিৰে বলিয়ান লম্পট প্ৰবীণ নাৰ্জাৰীয়ে বৃহৎ পৰিমাণৰ ধনৰ বিনিময়ত ভুক্তভোগী কিশোৰীগৰাকীৰ দুখীয়া পৰিয়ালক 'মেনেজ' কৰাৰ অপচেষ্টা চলাইছিল।

এই অপচেষ্টাত অৱশ্যে কিছু পৰিমানে সফলতাও লাভ কৰিছিল। কিন্তু চিৰাং জিলাৰ একাংশ সচেতন সাংবাদিকে তৎপৰতা আৰু বিষয়টোত হস্তক্ষেপ কৰাত চিৰাং আৰক্ষীয়ে কঠোৰস্থিতি গ্ৰহণ কৰিবলৈ বাধ্য হয়। সেই মৰ্মেই ৰুণীখাতা থানাত ২৯/২১ নং গোচৰ পঞ্জীয়ন কৰি POCSO আইনৰ আধাৰত লম্পট প্ৰবক্তা প্ৰবীন নাৰ্জাৰীক গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছিল।

পৰবৰ্তী সময়ত ৰুণীখাতা থানাৰ আৰক্ষীয়ে আচামী প্ৰবীণ নাৰ্জাৰীৰ বিৰুদ্ধে কাজলগাঁও সত্ৰ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰে। প্ৰায় তিনিবছৰ কাল বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি কাজলগাঁৱৰ আদালতে এই গুৰুত্বপূৰ্ণ ৰায়দান কৰে। আচামী পক্ষৰ হৈ যুক্তি প্ৰদৰ্শন কৰিছিল অধিবক্তা নজৰুল ইছলামে আৰু ভুক্তভোগী পৰিয়ালৰ হৈ আদালতত ন্যায়ৰ হকে যুজঁ দিছিল চৰকাৰী অধিবক্তা নন্দিতা বসুমতাৰীয়ে।

নাবালিকাক বলাৎকাৰ আৰু আত্মহত্যা কৰিবলৈ প্ৰচোৰিত কৰাৰ অপৰাধত  অধ্যাপকক আজীৱন কাৰাদণ্ড
বোকাজানত এ জে ৱাই চি পিৰ 'কা'ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in