দৰং জিলা সাহিত্য সভাৰ উদ্যোগত দেৱেন দত্ত স্মাৰক বক্তৃতা অনুষ্ঠান

দৰং জিলা সাহিত্য সভাৰ উদ্যোগত দেৱেন দত্ত স্মাৰক বক্তৃতা অনুষ্ঠান

author-image
Asomiya Pratidin
New Update
দৰং জিলা সাহিত্য সভাৰ উদ্যোগত দেৱেন দত্ত স্মাৰক বক্তৃতা অনুষ্ঠান

ডিজিটেল সংবাদ,মঙলদৈ : দৰং জিলা সাহিত্য সভাৰ উদ্যোগত দেওমৰনৈৰ জাপমাৰাবড়ি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেওবাৰে অসমৰ বিশিষ্ট ভাষাবিদ দেৱেন দত্ত স্মাৰক বক্তৃতা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত প্ৰয়াত দেৱেন দত্তৰ সোঁৱৰণত স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট গীতিকাৰ ,কবি-সাহিত্যিক তথা আইনবিদ আব্দুল মালিকে।

Advertisment

মালিকে প্ৰয়াত দেৱেন দত্ত দেৱৰ স্মাৰক বক্তৃতা বোধহয় দৰং জিলা সাহিত্য সভাৰ মজিয়াৰ পৰাই শুভৰাম্ভ হয় বুলি কৈ এনে প্ৰচেষ্টাৰ বাবে দৰং জিলা সাহিত্য সভাক ধন্যবাদ জনায়। স্মাৰক বক্তৃতা অনুষ্ঠানৰ লগতে দৰং জিলা সাহিত্য সভাৰ ২য় পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথে।। লগতে উক্ত সভাত তেওঁ সভাপতিত্বও কৰে।

দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াই আঁত ধৰা অনুষ্ঠানত 'চিৰ চেনেহী মোৰ ভাষা জননী' শীৰ্ষক গীত পৰিৱেশন কৰে জাপমাৰাবড়ি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলে। সভাত বিগত ৬ মাহৰ দৰং জিলা সাহিত্য সভাৰ কৰ্মৰ খতিয়ান সম্পাদকীয় প্ৰতিবেদন সম্পাদক বসন্ত শইকীয়াৰ হৈ পাঠ কৰে জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক প্ৰবীণ বৰুৱাই।

লগতে বিগত ৬মাহৰ হিচাব পৰীক্ষাৰ প্ৰতিবেদন হিচাব পৰীক্ষকদ্বয় তৰুণ চন্দ্ৰ শৰ্মা আৰু উমাকান্ত নাথে পাঠ কৰাৰ পাছত প্ৰতিনিধিসকলে পৰ্যালোচনা আগবঢ়ায় । পৰ্যালোচনাৰ অন্তত প্ৰতিবেদন দুখন সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হয়।

এই সভাতে বিশিষ্ট কবি হৰেশ্বৰী বৰুৱাৰ তৃতীয় কবিতা পুথি 'জিলমিল তৰাৰ সতে' উন্মোচন কৰে দৰং জিলা সাহিত্য সভাৰ উপ-সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মাই। সভাত জিলা খনৰ শাখা সাহিত্য সভাৰ প্ৰতিনিধি লগতে জিলা সাহিত্য সভাৰ কাৰ্যনিৰ্বাহকৰ লগতে অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য মুকুট হাজৰিকা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভাৰত ভূষণ মহন্তৰ লগতে দেওমৰনৈ শাখা সাহিত্য সভাৰ বিষয় ববিয়া কৰ্মকৰ্তা উপস্থিত থাকে।

Also Read: দুমাহৰ ভিতৰত পুনৰ ভাগিল জলসিঞ্চন বিভাগৰ শ্লুইচ গেট

mangaldai Deben Dutta