দুমাহৰ ভিতৰত পুনৰ ভাগিল জলসিঞ্চন বিভাগৰ শ্লুইচ গেট

দুমাহৰ ভিতৰত পুনৰ ভাগিল জলসিঞ্চন বিভাগৰ শ্লুইচ গেট

ডিজিটেল সংবাদ,চিৰাং : হাগ্ৰামা মহিলাৰীৰ শাসনকালত জলসিঞ্চন বিভাগত সংঘটিত হোৱা অবাধ দুৰ্নীতিৰ এটাৰ পিছত এটা ফলভোগ ভুগিব লগা হৈছে সাধাৰণ খেতিয়ক ৰাইজে। কাৰণ চলিত বৰ্ষৰ ২৭ জুনত চিৰাঙৰ বেংতল ৰাজহচক্ৰৰ অন্তৰ্গত ডোমগাঁও-শালবাৰী গাঁৱত ২ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জলসিঞ্চন বিভাগৰ শ্লুইচ গেট বিনা বৰষুণতে তাচ পাতৰ দৰে খহি পৰি সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈছিল ।

ইয়াৰ ফলত প্ৰভাৱিত হৈছিল ৭/৮ গাঁৱৰ প্ৰায় ২৫০০ বিঘা কৃষিভূমি। আৰ্থিক দিশত ক্ষতিগ্রস্ত হৈছিল কেইবা শতাধিক দৰিদ্ৰ খেতিয়ক। জলসিঞ্চন বিভাগৰ এই দুৰ্ঘটনা মাৰ নৌযাওঁতেই দেওবাৰে পুনৰ চিৰাং জিলাত জলসিঞ্চন বিভাগৰ শ্লুইচ গেট সম্পূৰ্ণ ৰূপে বিধ্বস্ত হোৱা বুলি জানিব পৰা গৈছে ।

আজি কেইবাদিন ধৰি নেৰেনেপেৰা বৰষুণৰ ফলত চিৰাং জিলাৰ কেইবাখনো নৈৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি পাইছে । এই প্ৰবল বৰষুণ আৰু গৰাখহনীয়াত দেওবাৰে দুপৰীয়াৰ ভাগত জিলাখনৰ চিদলী ৰাজহ চক্ৰৰ অন্তৰ্গত লাউৰীপাৰাৰ মৰাভুৰ-জুঁইলগা নদীৰ জলসিঞ্চন প্ৰকল্পৰ শ্লুইচ গেটৰ এটা অংশ ছিঙি যায়।

খবৰ লাভ কৰি স্থানীয় খেতিয়কসকল ঘটনাস্থলীত উপস্থিত হয় । কিন্তু শ্লুইচ গেটৰ চলি থকা গৰাখহনীয়া দেখি আতংকিত হৈ পৰে । প্ৰত্যক্ষদৰ্শীৰ মতে জলসিঞ্চন বিভাগৰ এই শ্লুইচ গেটখন বৰ্তমান সময়ত যিদৰে ভাঙি গৈ আছে আৰু এনেদৰে যদি নিশ্চিহ্ণ হয় তেনেহ'লে আগলৈ এই অঞ্চলৰ ৬/৭ গাঁৱৰ খেতিয়ক তথা সহস্ৰাধিক কৃষিভূমি প্ৰভাৱিত হ'ব বুলি আশংকা ব্যক্ত কৰে ।

ইপিনে জিলাখনত পুনৰ আৰু জলসিঞ্চন প্ৰকল্পৰ শ্লুইচ গেট ভাগি যোৱাৰ খবৰ লাভ কৰি সংশ্লিষ্ট বিভাগৰ কাৰ্য্যবাহী অভিযন্তা ধ্ৰুৱজ্যোতি তামুলী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয় । ৰাইজৰ আশংকা কৰা ধৰণেই সন্ধিয়াৰ আগে আগে তীব্ৰ গৰাখহনীয়াত শ্লুইচ গেটখন সম্পূৰ্ণ ৰূপে বিধ্বস্ত হৈ যায় ।

স্থানীয় লোকে সদৰি কৰা মতে বহু পূৰ্বৰে পৰা লাউৰীপাৰা অঞ্চলৰ খেতিয়কসকলে পৰম্পৰাগত পদ্ধতিত মৰাভুৰ-জুঁইলগা নদীত জলসিঞ্চনৰ ব্যৱস্থাৰে খেতিবাতি কৰি আছিল । তাৰ মাজতেই অঞ্চলৰ সচেতন লোকে তদানীন্তন বিটিচি প্ৰশাসনৰ সৈতে যোগাযোগ কৰি ২০১৫ চনত এটা আধুনিক জলসিঞ্চন প্ৰকল্পৰ শ্লুইচ গেট আবন্টিত কৰি আনে ।

কিন্তু শ্লুইচ নিৰ্মাণ কৰাৰ দায়িত্ব লাভ কৰা জাখব নাৰ্জাৰী নামৰ ঠিকাদাৰ এজনে স্থানীয় ৰাইজৰ প্ৰৱল আপত্তি সত্বেও স্থানীয় কেইজনমান লোকৰ সৈতে গোপনে মিতিৰালি কৰি ৰাইজে আপত্তি কৰা ঠাইতে জলসিঞ্চন প্ৰকল্পৰ শ্লুইচ গেট কাৰ্য্য আৰম্ভ কৰে । স্থানীয় লোকৰ অভিযোগ যে, ঠিকাদাৰ জাখব নাৰ্জাৰীয়ে সেই সময়ৰ জলসিঞ্চন বিভাগৰ দুৰ্নীতিগ্ৰস্থ একাংশ অভিযন্তা-বিষয়াৰ সৈতে মিলি নিম্নমানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি শ্লুইচ গেট নিৰ্মাণ কৰিছিল ।

নিৰ্মাণ কাৰ্য্যত এই ব্যাপক দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ বাবেই আজি এই শ্লুইচ গেটটো কেইটামান ঘন্টাৰ ভিতৰত সম্পূৰ্ণ ৰূপে ধ্বংস হৈ যায়। ভুক্তভোগী খেতিয়কে প্ৰশ্ন উত্থাপন কৰে যে, জলসিঞ্চন বিভাগৰ এই শ্লুইচ গেটখন কাৰ কাৰণে নিৰ্মাণ কৰা হৈছিল আৰু এই কোটি টকীয়া জলসিঞ্চনৰ প্ৰকল্পৰ শ্লুইচ গেটৰ দ্বাৰা কাৰ উন্নয়ন হল ?

আচৰিত কথা যে, এই জলসিঞ্চন প্ৰকল্পৰ শ্লুইচ গেটৰ দ্বাৰা খেতিয়কসকলৰ একো লাভ হোৱা নাই, বৰঞ্চ যদি লাভ হৈছে সেয়া ঠিকাদাৰৰ হৈছে। লাভ হৈছে বিষয়া-অভিযন্তাৰ আৰু ৰাজনৈতিক নেতাসকলৰ ।

আজি শ্লুইচ গেটৰ বিধ্বস্ত হোৱাৰ পিছত অকল কৃষিভূমিয়ে যে প্ৰভাৱিত হ'ব তেনেকুৱা নহয়, নৈৰ নামনি অংশত থকা কেইবাখনো গাঁওলৈ তীব্ৰ গৰাখহনীয়াৰ ভাবুকি সৃষ্টি কৰিছে । এটাৰ পিছত এটা জলসিঞ্চন প্ৰকল্পৰ শ্লুইচ গেট ভাগি বিধ্বস্ত হৈ যোৱাটো বিটিআৰৰ খেতিয়কসকলৰ বাবে অতিকৈ দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে।

বিটিচি প্ৰশাসনে এই প্ৰকল্পসমূহ নিৰ্মাণ কাৰ্য্যত দুৰ্নীতি অনিয়ম সংঘটিত কৰা ঠিকাদাৰ আৰু সংশ্লিষ্ট বিভাগৰ অভিযন্তাসকলৰ বিৰুদ্ধে উচিত তদন্ত কৰাৰ লগতে অঞ্চলটোৰ দুখীয়া দৰিদ্ৰ খেতিয়ক সকলৰ কথা আগত ৰাখি বিধ্বস্ত শ্লুইচ গেটৰ ঠাইত নতুন শ্লুইচ এখন নিৰ্মাণ কৰিবলৈ আহ্বান জনায় ।

দুমাহৰ ভিতৰত পুনৰ ভাগিল জলসিঞ্চন বিভাগৰ শ্লুইচ গেট
কাজলগাঁৱত সদৌ অসম ট্ৰাইবেল সংঘৰ সংবাদমেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in