/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/bb1e7016-5feb-49e4-8bf3-4b02fabfaf39/dvvdv.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ বছৰৰ শেষত দৰং জিলাৰ বাবে এটা সু-খবৰ। জিলা খনৰ গোমঠাপাৰা গাঁৱৰ নিবৃতি বডো, ৰামগাঁও গাঁৱৰ ধৃতিস্থান চহৰীয়া আৰু হিমুজ্বল ডেকা, সৰাবাৰী বৰমপুৰ গাঁৱৰ জিন্টু শৰ্মাই গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। পশ্চিম বংগৰ হাওৰাৰ দাসনগৰস্থিত আলা মোহনদাস স্পর্টছ এণ্ড কালচাৰেল ষ্টেডিয়ামত অনুষ্ঠিত সপ্তম ভাৰত টিআইএ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ছেম্পিয়নশ্বিপত এই কেইগৰাকী খেলুৱৈয়ে স্বর্ণ পদক জয় কৰি দৰং তথা সমগ্ৰ ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। ২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল এই প্ৰতিযোগীতা।
কিউৰোগীত চাব জুনিয়'ৰ বিভাগৰ ল'ৰাৰ ১১ বছৰ অনুৰ্ধৰ ২৮ কিল'গ্ৰামত ধৃতিস্মান চহৰীয়া, ২২ কিল'গ্রামত হিমুজ্বল ডেকা,৪৫ কিল'গ্রামত জিন্টু শৰ্মা আৰু ছোৱালীৰ ১১ বছৰ অনুৰ্ধৰ ২২ কিল'গ্রামত নিবৃতি বড়োই স্বর্ণ জয় কৰিবলৈ সক্ষম হয়।আনহাতে ৰামগাঁও গাঁৱৰ জোনাক প্রতীম হাজৰিকাই ল'ৰাৰ ১১ বছৰ অনুৰ্ধৰ ২৮ কিল'গ্রামত ৰূপ,কৃর্তীমান চহৰীয়া আৰু কলাইগাঁও ৰাজহ চক্ৰৰ অন্তর্গত ঝাকুৱাপাৰা গাঁৱৰ আকাশ ডেকাই ক্রমে ২৮ আৰু ৩১ কি'লগ্ৰামত ব্ৰঞ্জৰ পদক লাভ কৰে।
ইপিনে ১৪ বছৰ অনুৰ্ধৰ ৩৩ কিল'গ্ৰামত নিজ বৰমপুৰৰ চাজিদ আলমে কিউৰোগী কেডেটত ব্রঞ্জ আৰু ৰামগাঁও গাঁৱৰ বিতুস্মিন চহৰীয়াই ১১ বছৰ অনুৰ্ধৰ কিউৰোগী ২৫ কিল'গ্ৰামত ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে ইয়াবে নিবৃতি বড়োই স্বর্ণ জয়ৰ উপৰি পুমচেত ব্ৰঞ্জৰ পদকো লাভ কৰিবলৈ সক্ষম হয় ।প্রশিক্ষক আৰু পৰিচালক ৰিতুৰাজ শৰ্মাৰ নেতৃত্বত অসম দৰল হৈ দৰঙৰ পৰা প্রতিনিধিত্ব কৰা আটাইকেইগৰাকী খেলুৱৈ দৰং জিলাৰ উঁহৰ চকস্থিত হাহকীকাৰ টাইকোৱাণ্ডো একাডেমীৰ খেলুৱৈ।
Also Read: সূৰ্যোদয় নে সূৰ্যাস্ত হ'ল আজি...