ডিজিটেল সংবাদ, মঙলদৈ: দেওবাৰে ভাৰতৰত্ন সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ওপজা দিন। যিগৰাকী মহান শিল্পীক বাদ দি অসমীয়া জাতিয়ে সাহিত্য সংস্কৃতিৰ কথা কেতিয়াও ভাবিব নোৱাৰে সেইগৰাকী শিল্পীৰ আজি ৯৮ সংখ্যক ওপজা দিন।যুগজয়ী, চিৰসেউজ গীতেৰে শতসহস্ৰ জনক মোহাচ্ছন্ন কৰি ৰখা ভাৰতৰত্ন সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক গীত-মাত, বিভিন্ন অনুষ্ঠানেৰে আজি স্মৰণ কৰে দৰং জিলা সাহিত্য সভাই।
দৰং জিলা সাহিত্য সভাৰ উদ্যোগত নগৰবাহী সাহিত্য সভাৰ আতিথ্যাত নগৰবাহীৰ জোনজ্যোতি জাতীয় বিদ্যালয় প্ৰাঙ্গানত দিনজোৰা কায্যসুচিৰে আৰম্ভ হোৱা কাৰ্যসূচীত পুৱা ৮.৫৫ বজাত অসম সাহিত্য সভাৰ পতাকা উত্তোলন কৰে নগৰবাহী সাহিত্য সভাৰ সভাপতি ওৱাহিদা আহমেদে। ৯.১৫ বজাত গছপুলি ৰোপন কাৰ্যসূচী ৰূপায়ন কৰে নগৰবাহী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বাবুল মকচেদ আহমেদ আৰু নগৰবাহী সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা দৰং জিলা সাহিত্য সভাৰ গ্ৰন্থাগাৰিক চৰিফুল ইছলামে। ১০বজাৰ পৰা অনুস্থিত হয় ভূপেন্দ্ৰ সংগীত প্ৰতিযোগীতা।
দুপৰীয়া দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনী কান্ত নাথৰ সভাপতিত্বত অনুস্থিত হয় মুকলি আৰু বঁটা বিতৰণী সভা। সভাৰ আৰম্ভনিতে ড০ ভূপেন হাজৰিকা দেৱৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কৰে জিলা সাহিত্য সভাৰ উপ সভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মাই। সভাত নিদিষ্ট বক্তা হিচাপে কবি, গীতিকাৰ তথা অসম সাহিত্য সভাৰ বিশেষ ভাৱে আমন্তিত সদস্য আব্দুল মালিক উপস্থিত থাকি ড০ হাজৰিকাৰ জীৱন আৰু গীতৰ ওপৰত সাৰুৱা বক্তব্য প্ৰদান কৰে। মালিকে বক্তব্যৰ মাজে মাজে হাজৰিকা দেৱৰ গীতৰ কলি আওৰাই গীত টিৰ ৰচনাৰ তাৎপৰ্য আৰু শব্দ গাঁঠনি বাখ্যা কৰে ।
মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সম্পাদক সৎৰাম ডেকা,অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী আৰু অসম সাহিত্য সভাৰ ৰাজ্যিক কায্যনিৰ্বাহক সদস্য মুকুট হাজৰিকা।একেদৰে সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে দৰং জিলা সাহিত্য সভাৰ ধন ভৰাঁলী হৰি চন্দ্ৰ শৰ্মা আৰু অসম নাট্য সন্মিলনৰ দৰং জিলা সমিতিৰ সভাপতি মহেন্দ্ৰ ডেকা।
জিলা সম্পাদক বসন্ত শইকীয়া আৰু সহ সম্পাদক প্ৰবীণ বৰুৱাই আঁত ধৰা মুকলি সভাত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগীতাত পুৰস্কাৰ লাভ কৰা প্ৰতিযোগীসকলক পুৰস্কাৰ প্ৰদান কৰা হয়। দৰং জিলা সাহিত্য সভাৰ সাংগঠনিক সম্পাদক মৃণাল ৰাজবংশী,নগৰবাহী সাহিত্য সভাৰ বিষয় ববিয়া, জোনজ্যোতি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ, শিক্ষক কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিত থাকে। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়াই নগৰবাহী সাহিত্য সভাৰ সম্পাদক মিফতাহুৰ ৰহমানে।