/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-08/rzntbgl8/web 3.png)
ডিজিটেল সংবাদ, বেবেজীয়া: নগাঁও জিলাৰ বৰঘাট বাইপাছৰ হোটেল ডেষ্টিনীত আজি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ ডিফু আঞ্চলিকৰ তৃতীয় বাৰ্ষিক অধিৱেশন সম্পন্ন হয়। ৰাজেশ্বৰ বে'ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ অধিৱেশনত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ প্ৰতিনিধি সকল উপস্থিত থাকে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-08/x8squr6l/3e93f13f-b286-4552-b6de-721058c73080.jpg)
সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক শৰৎ চন্দ্ৰ মহন্তই আঁতধৰা আৰু উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত মূখ্য অতিথি হিচাপে সদৌ অসম গ্ৰামীণ বিকাশ বেংকৰ অৱসৰী সন্থাৰ উপ-সভাপতি পল্লৱ বৈৰাগীয়ে ভাষণ প্ৰদান কৰে। সভাত সন্থাৰ উপ-সভাপতি পল্লৱ বৈৰাগীকে ধৰি কেইবাজনো অৱসৰী বিয়য়াই বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰি ভাষণ প্ৰদান কৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-08/w42zmgdr/e68a16ad-5560-4ee7-bd24-2fa65a09eb64.jpg)
উল্লেখযোগ্য যে সভাৰ আৰম্ভণিতে সন্থাৰ প্ৰয়াত সদস্যসকলৰ আত্মাৰ সদগতিৰ বাবে মৌন প্ৰাৰ্থনা জনোৱা হয়। সন্থাৰ বিষয়ববীয়া সিদ্ধেশ্বৰ ডেকাই গীত পৰিবেশন কৰা সভাখনত সম্পাদকীয় প্ৰতিবেন পাঠ কৰে ভাৰপ্ৰাপ্ত সম্পাদক শৰৎ চন্দ্ৰ মহন্তই। সভাত সৰ্বসন্মতিক্ৰমে উক্ত প্ৰতিবেদন সভাই গৃহীত কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-09-08/nuue8187/e50d475a-dc29-4b10-8150-2ee9dccaf2c0.jpg)
সভাত চিত্তৰঞ্জন হাজৰিকা আৰু ননীমা গগৈয়ে দ্বৈতগীত সংগীত পৰিবেশনেৰে অনুষ্ঠিত সভাখনি জীপাল কৰি তোলে । উল্লেখ্য যে সভাই আগন্তুক বৰ্ষৰ বাবে ৰাজেশ্বৰ বে'ক সভাপতি আৰু দিলীপ কুমাৰ সিনহাক সম্পাদক হিচাপে লৈ ১৫ জনীয়া এখন শক্তিশালী সমিতি গঠন কৰে । সভাৰ অন্তত: শৰৎ চন্দ্ৰ মহন্তৰ শলাগৰ শৰাইৰ পিছতে অনুষ্ঠানৰ সামৰণি পৰে ।
Also Read: মথুৰাপুৰ সমন্বয় সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস