/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/2b43d016-e508-42f0-9227-fe8e9c411174/Daraaaang.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ "ঊনবিংশ শতিকাতে বীজ ৰোপণ হোৱা অসম সাহিত্য সভা এক হাজাৰৰো অধিক শাখা সভাৰে জীপাল হৈ আছে। অসম সাহিত্য সভা এতিয়া মাত্ৰ অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে সৰ্ববৃহৎ সাহিত্য অনুষ্ঠানত পৰিণত হৈছে।" এই মত প্ৰকাশ অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড০ সূৰ্য হাজৰিকাৰ।
শুকুৰবাৰে দৰং জিলা সাহিত্য সভাৰ ২১ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰি ড০ হাজৰিকাই কয় যে, সাহিত্য সভা এতিয়া ভাৰতৰ বিভিন্ন স্থানলৈ সম্পাসাৰিত হৈছে। দিল্লী, আহমেদাবাদ, মুম্বাইত আমাৰ শাখা গঠন হৈছে যদিও অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি বিকাশৰ স্বাৰ্থত দেশখনক চাৰিটা মণ্ডলত ভাগ কৰি চাৰিটা আঞ্চলিক কাৰ্যালয় গঠন কৰা কথা বিবেচনা কৰা হৈছে। সভাপতি ড০ হাজৰিকাই লগতে কয়, 'ইতিমধ্যে দিল্লীত এটা আঞ্চলিক কাৰ্যালয় স্থাপন কৰা হৈছে আৰু তেওঁলোকে দহটা সাহিত্য সভাৰ শাখা গঠন কৰিবলৈ আন্তৰিকতাৰে আগবাঢ়িছে। দিল্লীত থকা অসমীয়াসকলে গুৰুদ্বাৰ, দ্বাৰকা, নবীন নগৰ আদিত শাখা সাহিত্য সভা গঠন কৰি অসমীয়া ভাষা সাহিত্যিক বিস্তাৰিত কৰিব বিচাৰিছে।'
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/1272ba4a-e873-474f-b840-b62b6ec21c47/1f8157ec_9d79_40e9_a4c2_a51a99bce7c7.jpg)
দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়াই আঁতধৰা আৰু সভাপতি ৰজনীকান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত সভাত সাহিত্য সভাৰ সভাপতি ড০ হাজৰিকাই পুনৰ কয় যে, 'অসমীয়া ভাষা সাহিত্য বিস্তাৰৰ বাবে বিদেশতো আমি কাম কৰি আছোঁ। নিউৰ্ৱক, লণ্ডনত প্ৰবাসী অসমীয়া সকলে সাহিত্য সভাৰ শাখা গঠন কৰি অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ আগবঢ়াই নিছে।'
দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ৰামচন্দ্ৰ ডেকাই উদ্বোধন কৰা মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাই বিশিষ্ট অতিথি হিচাবে বক্তব্য আগবঢ়ায় অসম সাহিত্য সভাক সকলো জাতি জনগোষ্ঠীক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়। সভাত বিশিষ্ট ভাষাবিদ তথা অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ড০ ৰুক্ম গোহাঁইবৰুৱাই নিদিষ্ট বক্তা হিচাবে বক্তব্য আগবঢ়ায়ই গাঁৱে-ভূঞে থকা শাখা সমূহেই হৈছে সাহিত্য সভাৰ মূল চালিকা শক্তি বুলি কয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/339950b7-cfaf-4355-87ac-cde21c22fb90/6b81530a_3f3e_4f58_81f2_c9cb5ba65762.jpg)
জিলা সাহিত্য সভাৰ সহকাৰী সম্পাদক প্ৰবীণ বৰুৱা আৰু কেশৱ চহৰীয়াই পৰিচালনা কৰা সভাত প্ৰাক্তন প্ৰধান সম্পাদক যাদৱ শৰ্মা, অসম মহিলা আয়োগৰ উপাধ্যক্ষা নিলীমা দেৱী, জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভবেন বৰ্মন, মঙলদৈ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকা, সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী, ৰাজ্যিক কাৰ্যনিবাহক মুকুট হাজৰিকাই অংশগ্ৰহণ কৰে।
উক্ত মুকলি সভাতেই মঙলদৈ মহাবিদ্যালয়ৰ প্ৰবক্তা ডিম্বেশ্বৰ বৰুৱাৰ তত্বাৱধানত আৰু সাংবাদিক মুকুট ৰাজ শৰ্মাৰ সম্পাদনাত প্ৰকাশিত জিলা সাহিত্য সভাৰ ৪২ সংখ্যক পত্ৰিকা উন্মোচন কৰে সভাপতি ৰজনীকান্ত নাথে। সেইদৰে গনেশ দত্ত সম্পাদিত 'দৌৰাঙ্গ বাৰ্তা', বিনয় চলিহা সম্পাদিত 'ৰামধেনু', লীনা শইকীয়া সম্পাদিত 'কুঁহি' আৰু সংগীতা দেৱী সম্পাদিত 'আকাশ' আলোচনী মুকলি সভাত উন্মোচন কৰা হয়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/48eb644a-7553-47b1-874b-27eed1c10c44/b5039fd2_edbd_47ed_a179_3d1a0afabc0a.jpg)
বিশিষ্ট লেখিকা ভক্তি দেৱী চহৰীয়াৰ গল্প সংকলন 'মকৰা জাল', গোবিন্দ হাজৰিকাৰ 'পদুম ফুলৰ সুৰভিৰ দৰে' আৰু হীৰেন বৰুৱাৰ গল্প সংকলন 'কেঁচা মাটিৰ গোন্ধ' নামৰ তিনিখন মৌলিক গ্ৰন্থ উক্ত সভাতেই উন্মোচন কৰা হয়। ইয়াৰ পূৰ্বে জিলা সাহিত্য সভাৰ ৫১ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৫১ খন পতাকা উত্তোলন কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন প্ৰদাধিকাৰীসকলৰ লগতে বিশিষ্ট নাগৰিকসকলে।
Also Read: গোলাঘাটত নামঘৰে-মন্দিৰে চোৰৰ তাণ্ডৱ...