১০টাকৈ গৰুসহ ৫ গৰু চোৰ আটক দৰং আৰক্ষীৰ

১০টাকৈ গৰুসহ ৫ গৰু চোৰ আটক দৰং আৰক্ষীৰ

ডিজিটেল সংবাদ,‌ মঙলদৈ: দৰং আৰক্ষীয়ে গৰু চোৰৰ বিৰুদ্ধে অভিযান চলাই বিলাসী বাহনসহ ৫ জনকৈ গৰু চোৰ কৰায়ত্ত কৰে। জব্দাকৃত বিলাসী বাহনখনৰ পৰা ১০টাকৈ চোৰাং গৰুও উদ্ধাৰ কৰিবলৈ সক্ষম হয় দৰং আৰক্ষী। জব্দাকৃত বিলাসী বাহনখনৰ পঞ্জীয়ন নম্বৰ এ এচ ১ বি কিউ ৮৮৩৮।

জানিব পৰামতে, অটকাধীন চোৰ কেইটা হৈছে ইব্ৰাহিম আলি, জামাল, জামাল বাতচাহ, হাফিজুল ইছলাম আৰু মোস্তাফা আহমেদ। এই বৃহৎ গৰু চুৰি কাণ্ডত ৩টাকৈ চক্ৰ জড়িত থকাৰ কথা উল্লেখ কৰিছে দৰং আৰক্ষীয়ে। উক্ত ঘটনা সন্দৰ্ভত দৰং আৰক্ষীয়ে বৰ্তমানে তদন্ত অব্যাহত ৰাখিছে।

উল্লেখযোগ্য যে দৰং আৰক্ষীয়ে দলগাঁৱৰ মকিবুৰ হুচেইন নামৰ লোক এজনৰ ঘৰত সংঘটিত হোৱা চুৰি কাণ্ডৰ চি,চি, টিভিৰ ফুতেজৰ আলম লৈ গৰু চোৰৰ দলটো কৰায়ত্ত কৰে।

১০টাকৈ গৰুসহ ৫ গৰু চোৰ আটক দৰং আৰক্ষীৰ
ধেমাজি জিলা বিজেপি সভাপতিৰ পদত্যাগ
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in