/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/f13a581f-d4e0-42e8-bf8f-70abcd1ef223/AP_FOR_WEB_cycle_.jpg)
ডিজিটেল ডেস্কঃ আজি বিশ্ব চাইকেল দিৱস। ২০১৮চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘ সাধাৰণ পৰিষদে ৩ জুন তাৰিখটো আন্তৰাষ্ট্ৰীয় বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছিল। দুই শতিকাৰ ধৰি ব্যৱহাৰ হৈ অহা চাইকেলে মানৱ জাতিক দেখুৱাই দিয়া স্বাস্থ্যৰ বাবে ইতিবাচক দিশ, উপযোগিতা, সৰলতা, স্বচ্ছতাৰ লগতে ইয়াৰ প্ৰদূষণমুক্ত বৈশিষ্ট্য আদিৰ বাবে এই দিৱসটি পালন কৰা হয়।
বিশ্ব চাইকেল দিৱস গোটেই বিশ্বতে জাতি, বৰ্ণ, লিংগ, বয়স ভেদে উদযাপন কৰা হয়। "চাইকেল মানৱ সভ্যতাৰ ক্ৰমবিকাশৰ এক প্ৰতীক। ই সহনশীলতা, পাৰস্পৰিক বুজা-বুজি আৰু শ্ৰদ্ধা বৃদ্ধি কৰাৰ লগতে সামাজিক সমাৱেশ আৰু সাংস্কৃতিক শান্তি প্ৰদান কৰে।"বিশ্ব চাইকেল দিৱস বৰ্তমান সুস্থ জীৱন নিৰ্বাহ পদ্ধতিক প্ৰচাৰৰ বাবে অনুষ্ঠিত কৰা হয়।
দুটা চকা, হেণ্ডেল, পেডেল, এটা ছীট, মাত্ৰ এই কেইটা সামগ্ৰী সংযোগ কৰি আৱিষ্কাৰ কৰা হৈছিল আধুনিকতাৰ দিশত আৰু এখোজ আগবঢ়াই নিয়া এবিধ পৰিবহণৰ সুবিধাদায়ক যন্ত্ৰ, যাক কোৱা হয় চাইকেল। বিনা ইন্ধন, বিনা প্ৰদূষণৰ মাজেৰে আজিৰ পৰা প্ৰায় ২০০ বছৰ পূৰ্বে আৱিষ্কাৰ কৰা হৈছিল 'চাইকেল'।
১৮১৭চনত ড্ৰেইছে সম্পূৰ্ণ কাঠেৰে প্ৰথমখন চাইকেলৰ আৱিষ্কাৰ কৰিছিল আৰু এই চাইকেলখনৰ নাম দিয়া হৈছিল 'ডাণ্ডী হ'ৰ্ছ'। এই চাইকেলখন তেওঁ জাৰ্মানৰ মেনহেইমত আৰু পেৰিছত প্ৰথম প্ৰদৰ্শন কৰিছিল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/e8d2ac57-2489-4b9c-8f14-41d55f6aacb4/1024px-Draisine_or_Laufmaschine,_around_1820._Archetype_of_the_Bicycle._Pic_01.jpg)
চাইকেলক লৈ হয়তো সকলোৰে শৈশৱৰ পৰা অনেক স্মৃতি আছে। প্রথম চাইকেল শিকা, চাইকেলৰ পৰা পৰা, আনৰ চাইকেল মনে মনে চলোৱা আৰু ক'ত কি? প্ৰযুক্তিৰ দ্রুত বিকাশৰ ফলত চাইকেল আৰোহীৰ সংখ্যা কমিছিল যদিও আজি কিছু বছৰৰ পৰা ৰাইজে পুনৰ আদৰি লৈছে চাইকেলক। সুস্বাস্থ্যৰ বাবে চাইকেল চলোৱা অতিকৈ জৰুৰী। ইয়াৰ উপৰিও চাইকেল কম খৰচী আৰু অন্যান্য যান-বাহনৰ দৰে চাইকেল চলালে কোনো প্রদূষণ নহয়।
Also Read: নগাঁৱত 'জিৰণি'ৰ উদ্যোগত বান সাহাৰ্য