পৰকীয়া প্ৰেমঃ ছিপাঝাৰ থানাৰ আলহী হ'ল দৰং জিলা পৰিষদৰ বিষয়া

পৰকীয়া প্ৰেমঃ থানাৰ আলহী হ'ল দৰং জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া

author-image
Asomiya Pratidin
New Update
পৰকীয়া প্ৰেমঃ ছিপাঝাৰ থানাৰ আলহী হ'ল দৰং জিলা পৰিষদৰ বিষয়া

ডিজিটেল সংবাদ, মঙলদৈঃ পৰকীয়া প্ৰেম কৰি ছিপাঝাৰ থানাৰ আলহী হ’ল দৰং জিলা পৰিষদৰ উপ মুখ্য কাৰ্যবাহী বিষয়া ৷ ছিপাঝাৰৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অবৈধ প্ৰেমিকাৰ খবৰ ল'বলৈ আহি দেওবাৰে প্ৰেমিকাৰ স্বামীৰ সৈতে হতাহতি হয় বিষয়াগৰাকী। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰি ছিপাঝাৰ থানালৈ নিয়ে উপ মুখ্য কাৰ্যবাহী বিষয়া মদন বৰ্মনক।

অভিযোগ অনুসৰি, উপ মুখ্য কাৰ্যবাহী বিষয়া মদন বৰ্মনে দীৰ্ঘদিন ধৰি মহিলাগৰাকীৰ লগত অবৈধ সম্পৰ্ক ৰাখি অহাৰ অভিযোগ স্বামীৰ ৷ বিষয়াগৰাকীয়ে প্ৰেমিকাৰ স্বামীক বিভিন্ন সময়ত ভয়-ভাবুকি প্ৰদান কৰি অহাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰো অভিযোগ আনিছে ৷ উল্লেখ্য যে, ঘটনাৰ সন্দৰ্ভত দুয়ো পক্ষই দাখিল কৰিছে এজাহাৰ ৷ সম্প্ৰতি ছিপাঝাৰ আৰক্ষীৰ জিম্মাত আছে অবৈধ প্ৰেমিকা সহ বিষয়াগৰাকী ৷

Also Read: বেয়া দিন চলিছে...

Assam police