/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/5efe51a7-0bba-4964-b975-0c9bb4903fb3/xcxcxc.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ ভোগালীৰ সময়তে দৰং বাসীলৈ সুখবৰ ৷ জাপানৰ কোম্পানী জাইকাই দৰঙত নিৰ্মাণ কৰিব অত্যাধুনিক সুবিধা যুক্ত চিকিৎসালয় ৷ বৃহস্পতিবাৰে মঙলদৈ অসামৰিক চিকিৎসালয়ত জাপান চৰকাৰৰ প্ৰতিনিধি Mr. Yamashita yuta উপস্থিত হৈ চিকিৎসালয় খন পৰিদৰ্শন কৰে ৷
পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ আগত কয় যে, ছমাহৰ ভিতৰত নতুন চিকিৎসালয় ভৱনটি নিৰ্মাণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰে ৷ জাপান চৰকাৰৰ প্ৰতিনিধি গৰাকীক সংগ দিয়ে দৰং জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে, মঙলদৈ অসামৰিক চিকিৎসালয় খনৰ অধিক্ষক ৰমেশ গোস্বামীৰ লগতে স্বাস্থ্য বিভাগৰ বিষয়া সকলে ৷
Also Read: অদ্ভুত সংযোগ! ৫৭ বছৰ পূৰ্বৰ এই ডাক টিকটত কি আছিল বিশেষ ?