অদ্ভুত সংযোগ! ৫৭ বছৰ পূৰ্বৰ এই ডাক টিকটত কি আছিল বিশেষ ?

অযোধ্যাত এতিয়া উখল-মাখল পৰিছে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ আয়োজন এতিয়া তুংগত।

author-image
Asomiya Pratidin
New Update
অদ্ভুত সংযোগ! ৫৭ বছৰ পূৰ্বৰ এই ডাক টিকটত কি আছিল বিশেষ ?

ডিজিটেল ডেস্কঃ অযোধ্যাত এতিয়া উখল-মাখল পৰিছে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱসৰ আয়োজন এতিয়া তুংগত। ইয়াৰ মাজতে চৰ্চালৈ আহিছে বহু খবৰ। কোনোবাই যদি ৰাম মন্দিৰৰ বাবে ৩২ বছৰ মৌন ব্ৰত ধাৰণ কৰিছিল কোনোবাই আকৌ প্ৰায় ৮০০০ কিলোমিটাৰ খোজ কাঢ়িছে।

Advertisment

ইয়াৰ মাজতে পোহৰলৈ আহিছে আন এক খবৰ। নেপালত শ্ৰী ৰাম আৰু সীতাৰ এটা ৫৭ বছৰ পুৰণি ডাক টিকট পোহৰলৈ আহিছে। এই ডাক টিকট ১৯৬৭ চনৰ ১৮ এপ্ৰিলত ৰামনমীত মুকলি কৰা হৈছিল। লগতে ইয়াৰ ওপৰত বিক্ৰম সম্বত বুলি লিখা আছিল। বিক্ৰম সম্বত বিক্ৰমী বৰ্ষপঞ্জী বুলিও জনা যায়। ইয়াক হিন্দু বৰ্ষপঞ্জি আৰু এতিয়াও কেইবাখনো ৰাজ্যত ব্যৱহৃত হয়।

বিক্ৰম সম্বতৰ এই টিকটত ২০২৪ চনৰ কথা উল্লেখ আছে। প্ৰকৃততে বিক্ৰম সম্ৱত ইংৰাজী কেলেণ্ডাৰতকৈ প্ৰায় ৫৭ বছৰ আগতে চলে। এইকাৰণেই ১৯৬৭ চনত, বিক্ৰম সম্ৱত আছিল ২০২৪। এইকাৰণেই ২০২৪ আৰু ১৯৬৭ (তেতিয়াৰ ইংৰাজী চন) চনৰ ডাক টিকটত লিখা হৈছিল। সেই সময়ত কোনোৱে ভৱা নাছিল যে ২০২৪ চনত ৰাম মন্দিৰ নিৰ্মাণ হ'ব।

উল্লেখ্য যে, ২২ জানুৱাৰীত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ব। ইয়াৰ বাবে দেশী-বিদেশী বহু ভক্তক আমন্ত্ৰণ জনোৱা হৈছে। প্ৰায় সম্পূৰ্ণ হৈছে প্ৰস্তুতি।

raam mandir ayodhya