/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/9f26923d-47bc-4e84-a4c5-ff8f11fcff69/109.jpg)
ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলা সাহিত্য সভাৰ ৫২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দেওবাৰে মঙলদৈস্থিত সাহিত্য সভা প্ৰকল্পত উদযাপন কৰা হয়। এই উপলক্ষে পুৱা ৮-৫৫ বজাত সভাপতি ৰজনীকান্ত নাথে পতাকা উত্তোলন কৰে। উপসভাপতি ধীৰেন্দ্ৰ কুমাৰ শৰ্মাই স্মৃতি তৰ্পণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/808c9a9f-999e-4111-88b6-88ddaa222af6/6d7fbe42-ba15-442b-a0bc-16cb5bf9a250.jpg)
ইয়াৰ পিছতে দিনৰ ১১-০০ বজাত দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনীকান্ত নাথৰ সভাপতিত্বত হোৱা মুকলি সভা উদ্বোধন কৰে মঙলদৈ সমষ্টিৰ বিধায়ক বসন্ত দাসে। উদ্বোধনী ভাষণত তেওঁ ইংৰাজী মাধ্যমত পঢ়োৱালেও নিজৰ মাতৃভাষাৰ জ্ঞান সন্তানক দিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।
এই সন্দৰ্ভত তেঁও কয় যে, নৱপ্ৰজন্মই নিজৰ ভাষা সাহিত্য চৰ্চা নকৰিলে জাতিটো সংকটত পৰিব। সম্পাদক বসন্ত শইকীয়াই আঁত ধৰা এই সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5fcb34e8-8d09-4d4a-8038-197d568a262d/38d2958d-aede-4cac-8924-e7ef33a64269.jpg)
নিজা গৃহ নথকা দৰং জিলাৰ শাখা সাহিত্য সভাৰ গৃহ নিৰ্মাণৰ এক বৃহৎ প্ৰকল্প গ্ৰহণ কৰাৰ কথা ব্যক্ত কৰি ড০ ৰাজবংশীয়ে কয়, যিসমূহ শাখাৰ নিজা ভূমি আছে তেওঁলোকক গৃহ নিৰ্মাণৰ বাবে কমেও ১৫/২০ লাখ টকা দিয়াৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে। কবি মীৰা হাজৰিকা, আব্দুল মালিকে কবিতা, ধৰিত্ৰী ডেকা আৰু আব্দুল ৰৌফে সভাত গীত পৰিবেশন কৰে।
এই সভাত ডঃ নগেন্দ্ৰনাথ শৰ্মাই অৱসৰপ্ৰাপ্ত অধ্যাপিকা ডঃ লীনা শইকীয়াৰ 'অসমৰ ৰেচমৰ কথাৰে' আৰু 'এমুঠি প্ৰৱন্ধ আৰু কিছু স্মৃতিলেখা' শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন কৰে। একেদৰে শিক্ষাবিদ, সাহিত্যিক মতিদেৱ শাস্ত্ৰীৰ 'ভাৰত অমৃত কথা' শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে।
গ্ৰন্থ উন্মোচনী ভাষণত তেওঁ ব্যতিক্ৰমী বিষয়ৰ ওপৰত এতিয়ালৈ ১৫ খন ৰচনা কৰি অসমীয়া সাহিত্য ভঁৰাললৈ বিশেষ বৰঙনি আগবঢ়োৱা ডঃ লীনা শইকীয়াক প্ৰশংসা কৰে। এইবাৰ জিলা সাহিত্য সভাই 'দৰং ৰত্ন' সন্মান প্ৰদান কৰিবলৈ মনোনীত কৰা অৱসৰপ্ৰাপ্ত অধ্যাপক, সাহিত্যিক ডঃ নগেন্দ্ৰনাথ শৰ্মাৰ জীৱন কৃতীৰ বিষয়ে অসম সাহিত্য সভাৰ মঙলদৈস্থিত আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক সৎৰাম ডেকা আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক, গীতিকাৰ, সাহিত্যিক ইদ্ৰিছ আলীৰ জীৱন কৃতীৰ বিষয়ে দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ ৰামচন্দ্ৰ ডেকাই সভাত আলোকপাত কৰে।
সভাত দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱ, পৃথুৰাম বৰুৱা, বৰদা শইকীয়া, চহিৰ ভূঞা, শিশু মহীয়ান জীতেন ভাগৱতী, ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষ নীলিমা দেৱী, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গৌতমানন্দ গোস্বামী, দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক তৰুণ আজাদ ডেকা, মুকুট চন্দ্ৰ হাজৰিকা, আছুৰ উপসভাপতি খনিন্দ্ৰ ৰাজবংশী, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰাজু শৰ্মাকে ধৰি দুই শতাধিক লোক উপস্থিত থাকে। এটি সমবেত সংগীতেৰে আৰম্ভ হোৱা এই সভাত চিয়াগীত পৰিবেশন কৰা হয়।
Also Read: বিশিষ্ট সাহিত্যিক সাংবাদিক পবিত্ৰ বৰালৈ 'জয়ছিং হাঞ্চে স্মাৰক বঁটা' প্ৰদান