/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/14514883-0d34-43fe-a96c-9c5bdd736248/108.jpg)
ডিজিটেল সংবাদ, হাওৰাঘাট : কাৰ্বি আংলং জিলাৰ ডিফু চহৰৰ বিশিষ্ট সাহিত্যিক সাংবাদিক পবিত্ৰ বৰালৈ ২০২৪ বৰ্ষৰ বাবে কলা - সাহিত্য আৰু সংস্কৃতিৰ জগতখনলৈ বিশেষভাৱে অৱদান আগবঢ়াই অহা বাবে 'জয়ছিং হাঞ্চে স্মাৰক বঁটা' প্ৰদান কৰা হৈছে। কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ জৰিয়তে বৰালৈ এই বঁটা প্ৰদান কৰা হৈছে ।
এই বঁটা প্ৰদানৰ উদ্দেশ্যে দেওবাৰে দিনৰ ১০ বজাত ডিফুৰ লুৰুলাংছ'স্থিত ৰাংছিনা ভৱনত এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় । সভাৰ আৰম্ভণিতে পুৱাৰ ভাগত পতাকা উত্তোলন কৰে ডিফু শাখা সাহিত্য সভাৰ সভাপতি পুতুল চেতিয়াই ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/5a8a1c5d-7497-4434-88aa-4fa7da7d42ac/d12ba473-54dc-490e-85e7-98a4e2d398ed.jpg)
জয়ছিং হাঞ্চেইৰ প্ৰতিচ্ছবিত স্মৃতি তৰ্পণ কৰে কাৰ্বি সাহিত্য সভাৰ সম্পাদক লীলাধৰ টেৰণে । সভাত সভাপতিত্ব কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাই ।
সভাৰ আঁত ধৰে প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই। উল্লেখ্য যে অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকা, উপ সভাপতি ডা: গিৰিশ সন্দিকৈ, প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মা আদি।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/06379ee6-c5ef-4eef-8ff5-1fbf6fa11f00/89e41a18-38ff-4b58-ab17-7dc9264a4d31.jpg)
বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু, কাৰ্বি লামেত আমেইৰ সভাপতি কামছিং হাঞ্চে, বিধায়ক বিদ্যাছিং ইংলেং, পদ্মশ্ৰী ৰংবং তেৰাং, বালিমাহি খ্যাত কবি ধনেশ্বৰ ইংতি, কাৰ্বি আংলং জিলা কবি সন্মিলনৰ সভাপতি ছাৰ এৎ হাঞ্চে, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ সভাপতি ভৱেন কোচ প্ৰমুখ্যে কৰি জিলাখনৰ বিশিষ্ট ব্যক্তিসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f76fb8ca-cd74-420c-968e-bf6923223d23/a77b140f-949f-4834-8b15-d9cab605a95a.jpg)
এইসকল বিশিষ্ট ব্যক্তিৰ উপস্থিত সাংবাদিক পবিত্ৰ বৰাক 'জয়ছিং হাঞ্চে স্মাৰক বঁটা' প্ৰদান কৰা হয় । এই বঁটাৰ লগত সম্বৰ্ধনা পত্ৰ, স্মাৰক , কিতাপৰ টোপোলা, পিতলৰ জাপি,চেলেং আৰু নগদ ধন প্ৰদান কৰা হয়।
এই সভাতেই অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰংবং তেৰাঙে ' জয়ছিং হাঞ্চে' স্মাৰক গ্ৰন্থ উন্মোচন কৰে । উল্লেখ্য যে বোকাজানত জন্ম গ্ৰহণ কৰা বিশিষ্ট সাহিত্যিক সাংবাদিক পবিত্ৰ বৰাই সৰুৰে পৰাই বহু ঘাত-প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি আহি আজি ডিফু চহৰখনৰ বাসিন্দা হৈ এগৰাকী সুপৰিচিত লেখক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে ।
Also Read: কবি অলকেশ কলিতাৰ স্মৃতিচাৰণ সভা: স্মৃতিগ্ৰন্থ উন্মোচন তথা ৱেবছাইট মুকলি