/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/f408f07f-eb22-4158-82d4-6c9590c5650b/AP_FOR_WEB_new_format_Y_copy.jpg)
ডিজিটেল সংবাদ, দৰংঃ ধূলা আৰক্ষী থানাৰ অন্তৰ্গত গ্ৰেনলেণ্ড বাগিচাত অঘটন। এগৰাকী ১৪ বছৰীয়া গৰ্ভৱতী কিশোৰীৰ আত্মহত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হ'লমুফটি মকিবুৰ ৰহমান আজহাৰী। ঘটনা অনুসৰি গ্ৰেণ্ডলেণ্ড বাগিচাৰ ১৪ বছৰীয়া আলমিনা খাতুনৰ লগত চলিত মাহৰ ২৩ তাৰিখে একেখন গাঁৱৰে ৩৪ বছৰীয়া অহি মণ্ডলৰ সৈতে ভালপোৱা সম্পৰ্কত পলাই যায়।
ইপিনে ইতিমধ্যে অন্তসত্তা আছিল কিশোৰীগৰাকী। আইন হাতত তুলি প্ৰশাসনৰ অজ্ঞাতে দুয়োকে উদ্ধাৰ কৰি মুফটি মকিবুৰ ৰহমান আজহাৰীৰ নেতৃত্বত আজহাৰীৰ নিজ ঘৰতে এখন বিচাৰ পাতে। বিচাৰত দুয়োকে সমাজ ব্যৱস্থাৰ পৰা আঁতৰাই দিয়া হয় আৰু এই ঘটনাৰ পাছতে নিজ ঘৰতে আলমিনা খাতুনে চিপ লৈ আত্মহত্যা কৰে। ইয়াৰ পাছতে বিচাৰত গাওঁবুঢ়া নইমুদ্দিন আহমেদ, খবিৰ উদ্দীন, জীয়াৰুল হকৰ লগতে মুফটি মকিবুৰ ৰহমান জড়িত থকাৰ অপৰাধত ধূলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি মঙলদৈৰ জেইল হাজোতলৈ প্ৰেৰণ কৰে।
Also Read: অৱশেষত বনকৰা মহিলাক নিৰ্যাতন চলোৱা আৰক্ষী বিষয়াৰ বিৰুদ্ধে ৰুজু হ'ল গোচৰ