/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/87804c9c-f253-43cd-87e1-2a7d70e2b807/jjk.jpg)
ডিজিটেল সংবাদ, দৰংঃ দৰং জিলাত কংগ্ৰেছৰ বৃহৎ খহনীয়াৰ পিছতেই দৰং জিলা কংগ্ৰেছে এক সংবাদ মেল সম্বোধন কৰে। জিলা ৰাজীব ভৱনত সংবাদ মেল সম্বোধন কৰে জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীযে।
বিজেপিত যোগদান কৰা সকল কংগ্ৰেছৰ ২০ বছৰীয়া দালাল। বিজেপিত যোগদান কৰা সকলে পাৰ্টি কৰিব যোৱা নাই, ঠিকা কৰিব গৈছে বুলি মন্তব্য কৰে জিলা কংগ্ৰেছ সভাপতি গৰাকীয়ে।
লগতে কয় যে, কংগ্ৰেছৰ সদস্যই বিজেপিত যোগদান কৰা নাই, ২০ বছৰীয়া দালালেহে যোগদান কৰিছে। একমাত্ৰ বসন্ত দাস বিধায়কৰ কাম-কাজখিনি শেষ হোৱাৰ পিছতেই সকলো আকৌ কংগ্ৰেছত আহিব।
বিজেপিয়ে বিভ্ৰান্তি সৃষ্টি কৰিবৰ বাবে এই যোগদান কৰাইছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে দৰং কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীয়ে।
Also Read: দেশত চলিছে অন্যায় কাল! আমি অন্যায়ৰ অন্ধকাৰৰ মাজত ন্যায়ৰ বন্তি জ্বলামঃ ৰাহুল গান্ধী