/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/e75694c1-17c9-4be4-b6ce-24ed7e8e340a/Mangaldoi.jpg)
ডিজিটেল সংবাদ, মঙলদৈঃ ৰাজ্যত শিশু শ্ৰমিকৰ প্ৰতি চৰকাৰ যিমানেই কঠোৰ হৈছে সিমানেই যেন কেৰেপ নকৰে একাংশই। বুধবাৰে দৰং জিলা শিশু শ্ৰমিক সুৰক্ষা গোটৰ যুতীয়া অভিযানত মঙলদৈ চহৰৰ ছপাই, কৰিম চক, ইছলামপুৰ, ব্লক চক, মাছ বজাৰ আদি ঠাইৰ হোটেল, গ্ৰিলৰ দোকান, কাৱাৰী, বৰফ ফেক্টৰী আদিৰ পৰা দহজনতকৈও অধিক শিশু শ্ৰমিক উদ্ধাৰ হয়।
উদ্ধাৰ অভিযানত জিলা শ্ৰম বিভাগ, জিলা শিশু সুৰক্ষা বিভাগ, আৰক্ষী বিভাগ, চাইল্ড লাইন, জিলা প্ৰশাসন, সামাজিক সন্থা বচপন বচাও, চক্ৰ বিষয়া কৰ্মচাৰী উপস্থিত হয়। অভিযানৰ পাছতে শিশু শ্ৰমিক হিচাবে নিয়োজিত কৰা সকলৰ প্ৰতি ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জিলা শ্ৰম পৰিদৰ্শক চয়নিকা গোস্বামীয়ে জনায়।
Also Read: সংগীত নাটক একাডেমী বঁটা প্রাপক উমাকান্ত বৈৰাগী আৰু নাই...