দৰঙত ড্ৰাগছ বিৰোধী সজাগতা সভা

দৰঙত ড্ৰাগছ বিৰোধী সজাগতা সভা

author-image
Asomiya Pratidin
New Update
দৰঙত ড্ৰাগছ বিৰোধী সজাগতা সভা

ডিজিটেল সংবাদ,দৰংঃ দেশত ক্ৰমান্নয়ে বৃদ্ধি পাইছে নিচা জাতীয় দ্ৰব্য সেৱনকাৰীৰ সংখ্যা। দৰং জিলাতো ড্ৰাগছ বা নিচা জাতীয় দ্ৰব্য সেৱন কৰি নিজৰ ভৱিষ্যত অন্ধকাৰৰ ফালে ঠেলি দিছে একাংশ উশৃংখল যুৱক-যুৱতীয়ে। চৰকাৰ তথা প্ৰশাসনে ইয়াৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ লগতে সমাজৰ পৰা এনেবোৰ কাৰ্য নিৰ্মূল কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে দৰং জিলাৰ ধূলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দৰং জিলা প্ৰশাসন আৰু দৰং জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত এক সজাগতা মূলক সভাৰ আয়োজন কৰে।

Advertisment

সভাৰ লগত সংগতি ৰাখি পুৱা বিদ্যালয় তথা মহাবিদ্যালয়ৰ ছাত্ৰ সকলৰ মাজত এক মাৰাথান দৌৰ প্ৰতিযোগিতাৰ আয়োজন কৰে। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে খাৰুপেটিয়া মহাবিদ্যালয় আৰু মঙলদৈ মহাবিদ্যালয়ৰ প্ৰায় ২০ গৰাকী ছাত্ৰই।দৰং জিলা আয়ুক্ত মুনিন্দ্ৰ নাথ ঙাটেৰ উপস্থিতিত আয়োজন কৰা সভাখনত উপস্থিত থাকে দৰং জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ইমা দাস, ধূলা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ নাৰ্জাৰী, সমাজ কল্যাণ বিভাগৰ জিলা বিষয়া কুক্ষেশ্বৰ বৰা,মুক্ত ভাৰত অভিযানৰ দৰং ওদালগুৰিৰ সম্পাদক অৰুণ বৰুৱাৰ লগতে সমাজ কল্যাণ বিভাগৰ কৰ্মী সহায়িকা সহ গাঁওৰক্ষী বাহিনীৰ সভাপতি সম্পাদক সকল।

Also Read: বৰাকত উপস্থিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা : বুজ ল'লে বান পৰিস্থিতিৰ

awareness program