/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/db53cc40-4b2d-4624-a3f8-43a0d0a4f1d2/48.jpg)
ডিজিটেল সংবাদ,শিলচৰ : বৰাকৰ শেহতীয়া বান পৰিস্হিতিৰ বুজ লোৱাৰ উদ্দেশ্যে তিনিদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে শিলচৰত উপস্থিত হয় মন্ত্ৰী তথা কাছাৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। কুম্ভীৰগ্ৰাম বিমান কোঠত অৱতৰণ কৰি মন্ত্ৰীগৰাকীয়ে পোনে পোনে শিলচৰত উপস্থিত হয়।
তাৰ পিছতে মন্ত্ৰীগৰাকীয়ে শিলচৰৰ কেইবাটাও আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি বন্যাৰ্তসকলৰ খা খবৰ লয়। প্ৰয়োজনীয় খাদ্যসামগ্ৰীসহ অন্যান্য সামগ্ৰী লাভ কৰিছে নে নাই সেয়া শিবিৰত আশ্ৰয় লোৱা বন্যাৰ্তসকলৰ পৰা অৱগত হয় মন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/22163bf1-ca79-45a6-9241-86eb6c2768a2/02516ac1-a795-4d8c-837b-f4d29409455a.jpg)
শিবিৰসমূহত খাদ্য সামগ্ৰীও বিতৰণ কৰে অভিভাৱক মন্ত্ৰীগৰাকীয়ে। বানত ক্ষতিগ্ৰস্ত হোৱা কেইবাটাও পথ পৰিদৰ্শন কৰে জয়ন্ত মল্লবৰুৱাই। পিছত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এইবাৰৰ বানত বৰাকৰ তিনিওখন জিলাত ব্যাপক ক্ষতি হৈছে। কাৰ কিমান ক্ষতি হৈছে তাৰ বিতং তথ্য সংগ্ৰহ কৰি সেইমতে ক্ষতিপূৰণ দিয়াৰ বাবে তিনিও জিলাতে পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হ'ব। লগতে অতি শীঘ্ৰে ক্ষতিগ্ৰস্তসকলক উপযুক্ত ক্ষতিপূৰণ দিয়া হ'ব বুলি কয়।
আনহাতে, বানত ছিঙি যোৱা ভগ্ন মথাউৰিসমূহো শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা লোৱা হৈছে বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
Also Read: ধেমাজি মহাবিদ্যালয়ত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ শুভাৰম্ভ