দৰঙত ধূলিস্যাত হোৱাৰ দিশে অগপ!

দৰঙত ধূলিস্যাত হোৱাৰ দিশে অগপ!

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙত অগপ দল ধূলিস্যাত হোৱাৰ দিশে অগ্ৰসৰ। জিলাখনৰ ১০খন আঞ্চলিকৰ প্ৰায় ৭০জন বিষয়ববীয়াই সমূহিয়া দলত্যাগ কৰে। অগপৰ জিলা সভাপতি কমলেশ্বৰ বৰুৱাৰ একনায়কত্ববাদ, স্বেচ্ছাচাৰী মনোভাৱেৰে দল চলোৱাৰ অভিযোগ তুলি দলত্যাগ কৰে প্ৰায় ত্ৰিশ বছৰে দলটোক সেৱা কৰি অহা এইসকল অগপ নেতাই।

দৰং অগপৰ সভাপতি কমলেশ্বৰ বৰুৱাই সংগঠনৰ কামৰ বিপৰীতে একমাত্ৰ ঠিকা কৰিবলৈহে দলটোৰ সভাপতি পদ খামুচি আছে বুলিও অভিযোগ দিয়ে তৃণমুল কৰ্মীসকলে। গাওঁবুঢ়া নিযুক্তিৰ বাবেও দলীয় কৰ্মীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ দিয়ে দলীয় কৰ্মীয়ে।

ইফালে পৰৱৰ্তী সময়ত বাকী থকা সদস্যসকলেও দলত্যাগ কৰিব বুলি জানিব দিয়ে পদত্যাগী কৰ্মীসকলে। অৱশ্যে ভৱিষ্যত কাৰ্যপন্থা সন্দৰ্ভত এতিয়াও কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি জানিব দিয়ে।

দৰঙত ধূলিস্যাত হোৱাৰ দিশে অগপ!
শিলচৰত তীব্ৰতৰ হৈছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in