দৰং জিলা ছাত্ৰ সন্থাৰ “কা” বিৰোধী জোৰ সমদলঃ সংবাদ মেল সম্বোধন...

৩০ টা জনগোষ্ঠীয় সংগঠনৰ যৌথ প্ৰতিবাদ
দৰং জিলা ছাত্ৰ সন্থাৰ “কা” বিৰোধী জোৰ সমদলঃ সংবাদ মেল সম্বোধন...
দৰং জিলা ছাত্ৰ সন্থাৰ “কা” বিৰোধী জোৰ সমদলঃ সংবাদ মেল সম্বোধন...

ডিজিটেল সংবাদ মঙলদৈঃ মঙলদৈত দৰং জিলা ছাত্ৰ সন্থাৰ “কা” বিৰোধী জোৰ সমদল৷ ৩০ টা জনগোষ্ঠীয় সংগঠনৰ যৌথ প্ৰতিবাদ৷ এই সংবাদ মেলতে সংগঠনটোৰ ফালৰ পৰা কয় যে, “কা” আইন বাতিল নোহোৱালৈ চলি থাকিব গণতান্ত্ৰিক আন্দোলন৷

মঙলদৈত মঙ্গলবাৰে দৰং জিলা ছাত্ৰ সন্থা আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনে যৌথ “কা” বিৰোধী জোৰ সমদল উলিয়াই ৷ দৰং জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত উলিওৱা জোৰ সমদলক বাধা প্ৰদান কৰে দৰং আৰক্ষীয়ে ৷

মঙলদৈ শ্বহীদ ভৱনৰ পৰা উলিওৱা সমদলক আৱদ্ধ কৰে আৰক্ষীয়ে ৷ সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি খনিন্দ্ৰ ৰাজবংশীয়ে আৰক্ষীৰ এনে বাধাক স্বৈৰাচাৰী আখ্যা দিয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান দুয়োগৰাকীয়ে হিটলাৰী শাসন চলোৱাৰ অভিযোগ ৩০ টা জনগোষ্ঠীয় সংগঠনৰ৷ প্ৰতিবাদৰ সময়ছোৱাত নৰেন্দ্ৰ মোদী হায় হায়, হিমন্ত বিশ্ব শৰ্মা হায় হায়, কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ হায় হায় আদি প্ৰতিবাদী শ্লোগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ৷

দৰং জিলা ছাত্ৰ সন্থাৰ “কা” বিৰোধী জোৰ সমদলঃ সংবাদ মেল সম্বোধন...
নগাঁৱত 'কা'ৰ বিৰুদ্ধে আছুৰ জোৰ সমদল...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in