প্ৰসংগ- প্ৰধানমন্ত্ৰী আবাস যোজনা: পঞ্চায়তে পঞ্চায়তে কেলেংকাৰী; দৰঙত আপৰ সংবাদমেল...

পঞ্চায়তে পঞ্চায়তে কেলেংকাৰী; দৰঙত আপৰ সংবাদমেল

author-image
Asomiya Pratidin
New Update
প্ৰসংগ- প্ৰধানমন্ত্ৰী আবাস যোজনা: পঞ্চায়তে পঞ্চায়তে কেলেংকাৰী; দৰঙত আপৰ সংবাদমেল...

ডিজিটেল সংবাদ,‌ মঙলদৈ : প্ৰধান মন্ত্ৰী আবাস যোজনাৰ নামত পঞ্চায়তে পঞ্চায়তে কেলেংকাৰী। এইবাৰ দৰং জিলাতো প্ৰধান মন্ত্ৰী আবাস যোজনাৰ নামত বৃহৎ কেলেংকাৰীৰ অভিযোগ। এই অভিযোগ দৰং জিলা আম আদমি পাৰ্টীৰ। পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাওঁ গাওঁ পঞ্চায়তত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি প্ৰধান মন্ত্ৰী আবাস যোজনাৰ আৱন্তিত ধন অনুপযোগী ব্যক্তিক সুমুৱাই দিয়াৰ অভিযোগ আম আদমি পাৰ্টীৰ।

Advertisment

পূৱ মঙলদৈ উন্নয়ন খণ্ডৰ অন্তৰ্গত ওজাগাওঁ পঞ্চায়তৰ নুৰমহম্মদ নামত প্ৰধান মন্ত্ৰী আবাস যোজনাৰ গৃহৰ আৱন্তিত ধন ৩২,৫০০ টকা জালিয়াতিৰে অন্য ব্যক্তিৰ একাউণ্টত সুমাই দিয়াৰ লগতে ফকিৰ আলি, উমেহানি নামৰ হিতাধিকাৰী কেইগৰাকীৰো ঘৰৰ ফটো, জৱকাৰ্ড বেলেগ কাৰোবাৰ ব্যৱহাৰ কৰি ধন হৰলুকি কৰাৰ অভিযোগ আনে পঞ্চায়ত প্ৰতিনিধিৰ বিৰুদ্ধে ৷

জিলাখনৰ আন আন পঞ্চায়ততো এনে দুৰ্নীতি হোৱাৰ অভিযোগ আনে আম আদমি পাৰ্টীৰ দৰং জিলা সমিতিয়ে। এই সন্দৰ্ভত অনুষ্ঠিত এক সংবাদমেলত উপস্থিত থাকে আপৰ দৰং জিলা সমিতিৰ সভাপতি ধীৰাজ হীৰা, সম্পাদক ৰেজাউল কৰিম সহ বিষয়ববীয়া সকল।

Also Read: কেদাৰনাথ ধামলৈ যোৱাৰ পৰিকল্পনা আছে নেকি ? যোৱাৰ আগত সাৱধান হওঁক...

aam admi party