/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/4285eddd-48e5-4277-aed1-4f0b5e438b3e/112.jpg)
ডিজিটেল সংবাদ,মঙলদৈ : নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত থকা ভাৰত জোড়ো ন্যায় যাত্ৰা পথত শনিবাৰে জামুগুৰিহাটত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰিছিল। এই ঘটনাক কেন্দ্ৰ কৰি সোমবাৰে সন্ধিয়া মঙলদৈ ৰাজীৱ ভৱনত দৰং জিলা কংগ্ৰেছৰ সভাপতি মাধৱ ৰাজবংশীৰ সভাপতিত্বত এখনি প্ৰতিবাদী সভা অনুষ্ঠিত হয়।
মঙলদৈৰ বিধায়ক বসন্ত দাস, খাতনীয়াপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী অনিতা ৰাজবংশী, কংগ্ৰেছ নেতা মিৰ্জা ইকবাল,মোজাম্মিল হক,জিংকুল আলি,ভাৰতী দাসসহ প্ৰায় শতাধিক কৰ্মীৰ উপস্থিতিত সভাপতি মাধৱ ৰাজবংশীয়ে বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে।
জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক ইজাজুল হকে আঁত ধৰা সভাৰ অন্তত বিভিন্ন শ্ল'গান দি এক সমদল কৰি প্ৰতিবাদ কৰিবলৈ লওতেই আৰক্ষীয়ে বাধা আৰোপ কৰে। আৰক্ষী আৰু কংগ্ৰেছ কৰ্মীসকলৰ মাজত তীব্ৰ বাকযুদ্ধ হয় যদিও কাৰ্যসূচী তাতেই সামৰণি পৰে ।
Also Read: ওদালগুৰিত ভয়ংকৰ অগ্নিকাণ্ড