ওদালগুৰিত ভয়ংকৰ অগ্নিকাণ্ড

অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰে

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত ভয়ংকৰ অগ্নিকাণ্ড

ডিজিটেল সংবাদ,ওদালগুৰি : সোমবাৰে নিশা প্ৰায় ৮-৩০ বজাত ওদালগুৰি সদৰস্থিত পুৰণি শিৱ মন্দিৰৰ সন্মুখত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডটোৰ ফলত এখন লেপ-তুলাৰ দোকানৰ লগতে সমীপতে থকা এটা পৰিয়ালসহ গহনাৰ দোকান কিছু ক্ষতিগ্ৰস্থ হয়।

Advertisment

অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ অৱগত হোৱা নাই যদিও ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা উপলক্ষে ফটোৱা ফটকাৰ পৰা এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে। প্ৰথম অৱস্থাত এখন অগ্নিনিৰ্বাপক বাহিনীয়ে কিছু পৰিমাণে অগ্নি নিৰ্বাপনৰ চেষ্টা চলাই যদিও পৰৱৰ্তী সময়ত তিনিখনকৈ অগ্নি নিৰ্বাপক বাহনে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও অঞ্চলজুৰি চেপা উত্তেজনাই বিৰাজ কৰে।

Also Read: আদালতত হাজিৰ কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াসহ ৪জন সতীৰ্থ

udalguri