'কংগ্ৰেছক ৰাইজে ভোট নিদিলে ভাৰতবৰ্ষত গণতন্ত্ৰ শেষ হ'ব'- মাধৱ ৰাজবংশী

কংগ্ৰেছৰ টিকট লাভ কৰাৰ পাছতে সংবাদ মেল ৰাজবংশীৰ
'কংগ্ৰেছক ৰাইজে ভোট নিদিলে ভাৰতবৰ্ষত গণতন্ত্ৰ শেষ হ'ব'- মাধৱ ৰাজবংশী
'কংগ্ৰেছক ৰাইজে ভোট নিদিলে ভাৰতবৰ্ষত গণতন্ত্ৰ শেষ হ'ব'- মাধৱ ৰাজবংশী

ডিজিটেল সংবাদ মঙলদৈঃ কংগ্ৰেছক ৰাইজে ভোট নিদিলে ভাৰতবৰ্ষত গণতন্ত্ৰ শেষ হ'ব বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে দৰং-ওদালগুৰি লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে। মঙ্গলবাৰে কংগ্ৰেছ দলে নতুন দিল্লীত ঘোষণা কৰিলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা।

এই তালিকাত অসমৰ মুঠ ১২ টা সমষ্টিৰ বাবে দলটোৱে প্ৰাৰ্থী ঘোষণা কৰিছে। অৱশিষ্ট ২ খন আসনৰ ভিতৰত এখন এজেপিক এৰি দিয়াৰ বিপৰীতে লখিমপুৰ আসনখনৰ বাবে প্ৰাৰ্থী বিবেচনা কৰি থকা হৈছে।

ঘোষিত প্ৰাৰ্থী তালিকাত পূৰ্বৰ মঙলদৈ আৰু এতিয়াৰ দৰং-ওদালগুৰি সমষ্টিৰ বাবে কংগ্ৰেছ দলে মাধৱ ৰাজবংশীক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে। দলে তেওঁক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰাৰ পিছতে এক সংবাদ মেল সম্বোধন কৰে।

এই সংবাদ মেলতে তেওঁ কয়, দৰং-ওদালগুৰি সমষ্টিত AIUDF য়ে প্ৰাৰ্থী নিদিলে দলটোৰ সমৰ্থকসকলে কংগ্ৰেছকে ভোট দিব। AIUDF ৰ সমৰ্থকসকলৰ বাবে বিকল্প হ'ব কংগ্ৰেছ।

ইয়াৰোপৰি তেওঁ কয়, বিজেপিৰ প্ৰাৰ্থী দিলীপ শইকীয়াতকৈ মই দুই লাখ ভোটত বিজয়ী হম। মই স্থানীয় প্ৰাৰ্থী হিচাপে অগ্ৰাধিকাৰ পাম, যিহেতু ৰাইজে স্থানীয় প্ৰাৰ্থী বিচাৰিছে।

কংগ্ৰেছৰ বিধায়ক হৈয়ো বিজেপি চৰকাৰক সমৰ্থন জনোৱা মঙলদৈৰ বিধায়ক বসন্ত দাসৰ সহায় নালাগে বুলি ৰাজবংশীয়ে কৈছিল যদিও আজিৰ সংবাদ মেলত অৱশ্যে নিৰ্বাচনত বিধায়ক বসন্ত দাসৰ পৰাও সহায় বিচাৰিব বুলি মন্তব্য কৰিছে।

'কংগ্ৰেছক ৰাইজে ভোট নিদিলে ভাৰতবৰ্ষত গণতন্ত্ৰ শেষ হ'ব'- মাধৱ ৰাজবংশী
দৰং জিলা ছাত্ৰ সন্থাৰ “কা” বিৰোধী জোৰ সমদলঃ সংবাদ মেল সম্বোধন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in