/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c0a47d36-9348-4ba3-8a30-3eb0c88aec73/chandrayan.jpg)
চন্দ্ৰত 'চন্দ্ৰযান-৩'ৰ অৱতৰণৰ মহেন্দ্ৰক্ষণৰ সাক্ষী হ'বলৈ বিশ্বজুৰি উৎকণ্ঠা...
ডিজিটেল সংবাদ, মঙলদৈঃ চন্দ্ৰযান -৩ চন্দ্ৰপৃষ্ঠত অৱতৰণক লৈ সমৰগ্ৰ দেশ জুৰি উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি দৰং জিলাৰো স্কুল সমূহত সাজু হৈছে চন্দ্ৰযান-৩ৰ অৱতৰণৰ দৃশ্য ছাত্ৰ ছাত্ৰীক দেখুৱাবলৈ।
মাজত মাঁথো কেইঘন্টামানহে বাকী । ভাৰতীয় মহাকাশ সংস্থা (ISRO)দ্বাৰা প্ৰেৰিত চন্দ্রযান-৩ য়ে ইতিমধ্যে চন্দ্ৰত অৱতৰণ কৰাৰ বাবে সাজু হৈ উঠিছে।এনে সময়ত প্ৰতিজন ভাৰতীয়ই অধিৰ আগ্ৰহৰে অপেক্ষা কৰিছে চন্দ্ৰযান -৩ৰ ৰ'ভাৰ অৱতৰণলৈ ।একে দৰে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ও অপেক্ষা কৰিছে এই বিৰল মূহুৰ্তৰ সাক্ষী হ'বলৈ।
বুধবাৰে সন্ধিয়া ৬বাজি ৪ মিনিটত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰাৰ দিশে ক্ষণ গণিছে চন্দ্ৰযান-৩য়ে। এনে সময়ত সকলো উৎকন্ঠিত হৈ পৰিছে । সমগ্ৰ দেশৰ বৈজ্ঞানিক সমাজৰ বাবে এক উল্লেখযোগ্য মুহূৰ্তৰ সূচনা কৰিবলগীয়া চন্দ্ৰযান-৩ অভিযানৰ উৎক্ষেপণ নিয়ন্ত্ৰণ পৰিচালনা কৰিব এজন অসমীয়া বিজ্ঞানীয়ে ।
বিদ্যালয়ে বিদ্যালয়ে ছাত্ৰ- ছাত্ৰী সকলক সন্ধিয়া ৬ বজাত চন্দ্ৰযান- ৩ অৱতৰণৰ দৃশ্য দেখুৱাবলৈ ইতিমধ্যে সাজু হৈছে বিদ্যালয় কৰ্তৃপক্ষ।
Also Read: পানীৰ পৰা মানৱ বসতিলৈ! কি কি অধ্যয়ন কৰিব চন্দ্ৰযান-৩য়ে