পানীৰ পৰা মানৱ বসতিলৈ! কি কি অধ্যয়ন কৰিব চন্দ্ৰযান-৩য়ে

মাজত মাঁথো কেইটামান ঘন্টা বাকী। কেইটামান মূহুৰ্তৰ পাছতে চন্দ্ৰযান-৩ য়ে চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱণা আছে

author-image
Asomiya Pratidin
New Update
পানীৰ পৰা মানৱ বসতিলৈ! কি কি অধ্যয়ন কৰিব চন্দ্ৰযান-৩য়ে

ডিজিটেল ডেস্কঃ মাজত মাঁথো কেইটামান ঘন্টা বাকী। কেইটামান মূহুৰ্তৰ পাছতে চন্দ্ৰযান-৩ য়ে চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱণা আছে। ভাৰতৰ মহাকাশ সংস্থা ইছৰোৰ দ্বাৰা প্ৰেৰণ কৰা চন্দ্ৰযান ৩-ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ পৃষ্ঠত অৱতৰণ কৰিবলৈ চেষ্টা কৰিব। এই ক্ষেত্ৰত সফল হ'লে ভাৰত বিশ্বৰ প্ৰথম খন দেশ হ'ব যি চন্দ্ৰৰ দক্ষিণ মেৰুত অৱতৰণ কৰিব।

Advertisment

চন্দ্ৰযান ৩ বুধবাৰে সন্ধিয়া ৬:০৪ বজাত চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে। যদি অৱতৰণ হয় তেন্তে ভাৰত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰা চতুৰ্থ খন দেশ হ'ব।

চন্দ্ৰৰ দক্ষিণ মেৰু অতি গুৰুত্বপূৰ্ণ। কিয়নো বিশ্বাস কৰা হয় যে এই অঞ্চলত পানীৰে নিৰ্মিত বৰফ আছে। যি ভৱিষ্যতে চন্দ্ৰত মানৱ বসতি স্থাপনত সহায় কৰিব পাৰে।

যদি এই অভিযান সফল হয় তেন্তে ভাৰতৰ মহাকাশ উদ্যোগৰ বাবে ই এক ডাঙৰ প্ৰাপ্তি হ'ব । ই মহাকাশ শক্তি হিচাপে ভাৰতৰ শক্তিশালী কৰাৰ লগতে ভৱিষ্যতৰ চন্দ্ৰ অভিযানৰ ওপৰতো প্ৰভাৱ পেলাব।

চন্দ্ৰযান-৩ লেণ্ডাৰ বিক্ৰমে 'প্ৰজ্ঞান' নামৰ এটা ৰোভাৰ লৈছে। যি চন্দ্ৰপৃষ্ঠৰ ৰাসায়নিক গঠন বিশ্লেষণ কৰিব আৰু পানীৰ সন্ধান কৰিব। প্ৰজ্ঞানে ইয়াৰ লেজাৰ ৰশ্মি ব্যৱহাৰ কৰি চন্দ্ৰপৃষ্ঠৰ এটা টুকুৰা গলাব চেষ্টা কৰিব যাক 'ৰেগোলিথ' বুলি কোৱা হয়। ইয়াৰ পাছতে প্ৰক্ৰিয়াটোত নিৰ্গত গেছবোৰ বিশ্লেষণ কৰিব।

ৰম্ভাই (RAMBHA) চন্দ্ৰপৃষ্ঠৰ ওচৰত চাৰ্জড কণাবোৰৰ ঘনত্ব জোখা আৰু সময়ৰ সৈতে এইবোৰ কেনেদৰে সলনি হয় পৰীক্ষা কৰিব।

chandrayaan 3