ছিপাঝাৰ মহাবিদ্যালয়ত স্তন কেঞ্চাৰ বিষয়ক সজাগতা সভা

ছিপাঝাৰ মহাবিদ্যালয়ত স্তন কেঞ্চাৰ বিষয়ক সজাগতা সভা

ডিজিটেল সংবাদ,মঙলদৈঃ দৰং জিলাৰ এখনি উচ্চ শিক্ষানুস্থান ছিপাঝাৰ মহাবিদ্যালয় প্ৰাঙ্গণত বৃহস্পতিবাৰে স্তন কেঞ্চাৰ সন্দৰ্ভত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়। ছিপাঝাৰ মহাবিদ্যালয়ৰ স্বাস্থ্য কোষ আৰু এন এচ এচ ৰ উদ্যোগত অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ পৃষ্ঠপোষকতাত আৰু দৰং কেঞ্চাৰ কেন্দ্ৰৰ সহযোগত সভাখন অনুষ্ঠিত হয়।

ছিপাঝাৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা স্বাস্থ্য কোষৰ সমন্বয়ক ড০ কৰৱী দেৱীয়ে অনুষ্ঠানৰ আঁত ধৰে। সজাগতা সভাখনিৰ উদ্দেশ্য বাখ্যা আগবঢ়াই ছিপাঝাৰ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা তথা এন এচ এচ ৰ সমন্বয়ক বিস্মিতা মেধিয়ে। লগতে সজাগতা সভাখনি শুভাৰম্ভণি কৰে ছিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যক্ষা ড০ বৰ্ণালী শৰ্মাই।

স্তন কেঞ্চাৰৰ লগতে কেঞ্চাৰ ৰোগ সম্পৰ্কে আৰু দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ সেৱা সমূহৰ বিষয়ে বক্তব্য আগবঢ়ায় দৰং কেঞ্চাৰ কেন্দ্ৰৰ অধীক্ষক ডা০ চৈয়দ ইফটিখাৰ চোভানীয়ে। মুখ গহ্বৰ,স্তন, ধপাতৰ পৰা হ'ব পৰা কেঞ্চাৰ ৰোগ আৰু অন্যান্য কেঞ্চাৰ ৰোগৰ বিষয়ে অৱগত কৰে দৰং কেঞ্চাৰ কেন্দ্ৰৰ চিকিৎসক ডা০ ছহিদুল ইচলামে।

দৰং কেঞ্চাৰ কেন্দ্ৰৰ ৰোগী সমন্বয়ক নিৰঞ্জন শইকীয়াই কৰ্কট ৰোগী সকলে লবলগীয়া সাৱধানতা আৰু দৰং কেঞ্চাৰ কেন্দ্ৰত উপলব্ধ সকলো চিকিৎসা সেৱা উপলব্ধৰ বিষয়ে অৱগত কৰে। দৰং জিলাৰ আয়ুস্মান বিভাগৰ স্বাস্থ্য বিষয়া আমিনা খাতুনে আয়ূস্মান কাৰ্ডৰ পৰা পোৱা বিনামূলীয়া চিকিৎসা সেৱাৰ বিষয়ে অৱগত কৰে।

স্তন কেঞ্চাৰৰ সজাগতা ৰ ওপৰত সবিশেষ বক্তব্য আগবঢ়াই দৰং কেঞ্চাৰ কেন্দ্ৰৰ নাৰ্চ জেচমিনাৰা বেগমে। এই সজাগতা সভাত উপস্থিত থাকে দৰং কেঞ্চাৰ কেন্দ্ৰৰ এইচ আৰ গৌতম সন্দিকৈ, দৰং কেঞ্চাৰ কেন্দ্ৰৰ জিলা স্বাস্থ্য বিষয়া দীপমনি শৰ্মা, ছিপাঝাৰ মহাবিদ্যালয়ৰ আভ্যন্তৰীণ কোষৰ সমন্বয়ক তথা সহকাৰী অধ্যাপক ড০ দিব্যজ্যোতি শইকীয়া ৰ লগতে ছিপাঝাৰ মহাবিদ্যালয়ৰ অধ্যাপক,অধ্যাপিকা, ছাত্ৰ ছাত্ৰী সকল।

ছিপাঝাৰ মহাবিদ্যালয়ত স্তন কেঞ্চাৰ বিষয়ক সজাগতা সভা
সোণাপুৰত ৰাষ্ট্ৰীয় ডেংগু দিৱস পালন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in