/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/4563e424-4a5f-42d3-9892-f2e8dc805075/14.jpg)
ডিজিটেল ডেস্ক : লোকসভাৰ প্ৰাকক্ষণত ব্যস্ততাৰ অন্ত নাই শাসনাধিষ্ঠিত দল বিজেপিৰ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দলীয় সভা,সাংগঠনিক সভা অনুষ্ঠিত কৰি দলৰ ভেঁটি সুদৃঢ় কৰাত উঠি-পৰি লাগিছে দলটোৰ নেতা-কৰ্মীসকল।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/300e408d-93de-4925-93d3-9c938bd0ea1f/431004299_807307154771029_4427095532405849888_n.jpg)
দলে-বলে সাজু হৈ উঠিছে দলটো। এনে পৰিপ্ৰেক্ষিত শুকুৰবাৰে মঙলদৈত অনুষ্ঠিত কৰে বিশাল যোগদান সমাৰোহ। দৰং জিলাৰ অন্তৰ্গত বৃহত্তৰ অঞ্চলটোৰ প্ৰায় ৩শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ ৰাষ্ট্ৰীয় দলটোত যোগদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/f79b2a95-b78c-4261-9774-4724f54db729/431861244_807307744770970_509184754165097354_n.jpg)
আজি অঞ্চলটোৰ ভালেসংখ্যক লোকে কংগ্ৰেছ তথা প্ৰাক্তন ছাত্ৰ সংগঠনৰ লগতে অন্যান্য দলৰ পৰা বিজেপিলৈ আগমণ ঘটে। বিজেপি নেতা তথা সাংসদ দিলীপ শইকীয়া, বিধায়ক ড০ পৰমানন্দ ৰাজবংশী,গুৰুজ্যোতি দাস আদিৰ উপস্থিতিত জিলা বিজেপি কাৰ্যায়লত যোগদান কৰে।