দৰঙৰ দলগাঁও ডায়েটত নিবিদা কেলেংকাৰি, প্ৰতিক্ৰিয়া...

দৰঙৰ দলগাঁও ডায়েটত নিবিদা কেলেংকাৰি, প্ৰতিক্ৰিয়া...

author-image
Asomiya Pratidin
New Update
দৰঙৰ দলগাঁও ডায়েটত নিবিদা কেলেংকাৰি, প্ৰতিক্ৰিয়া...

দৰঙৰ দলগাঁও ডায়েটত নিবিদা কেলেংকাৰি, প্ৰতিক্ৰিয়া...

ডিজিটেল সংবাদ মঙলগৈঃ দৰঙৰ দলগাওস্থিত ডায়েটত বিগত দুমাহৰ পৰা চলি থকা এক নিবিদা প্রক্রিয়াত অনিয়ম তথা কেলেংকাৰিৰ তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি, ডায়েটৰ কৰ্মচাৰীৰ ঘনিষ্ঠ প্রতিষ্ঠানক সামগ্ৰী যোগানৰ ঠিকা দিবলৈ নিবিদাৰ প্ৰাথমিক বিধিকেই উলংঘা কৰিছে।

Advertisment

একেদৰে পুনৰ নিবিদা আহ্বানৰ ক্ষেত্ৰত আকৌ কাতি বিহুৰ বন্ধ ঘোষিত দিনটোত নথি সংগ্ৰহৰ দিন ঘোষণা কৰি প্ৰাকে প্ৰকাৰে ঘনিষ্ঠ প্রতিষ্ঠানক দায়িত্ব দিয়াত নামি পৰিছে। লক্ষণীয় যে, দলগাঁৱৰ ডায়েটত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে শিক্ষনত ব্যৱহৃত সামগ্রীসহ কাৰিকৰী কিছু সামগ্ৰীৰ বাবে বিগত আগষ্ট মাহৰ শেষৰফালে নিবিদা আহ্বান কৰিছিল।

সূত্র অনুসৰি, কেইবা লাখ টকাৰ সামগ্ৰী যোগানৰ এই নিবিদাত এখন প্রতিষ্ঠানে নিবিদা জমা দিয়ে। ইয়াৰে এখন প্রতিষ্ঠানে চৰ্ত অনুসৰি জমা দিবলগীয়া আমানতৰ ধন প্রায় ৪০,৬০০ টকাৰ বেংক ড্রাফট দাখিল নকৰাকৈ নিবিদা জমা দিয়ে। কেৱল মঙলদৈৰ এন এন আৰু ত্রিমূর্তি নামৰ ফাৰ্ম দুখনেহে এই ধন ৰাশিব ড্রাফট জমা দিয়ে।

নিবিদা আহ্বানৰ ক্ষেত্ৰত এনেদৰে প্রয়োজনীয় আৰু চৰ্তানুসৰি জমা দিবলগীয়া আমানতৰ ধনৰ ড্ৰাফট জমা নিদিলে প্রতিষ্ঠানখনে মূল নিবিদা প্রক্রিয়াত অংশলোৱাৰ পূর্বেই বাতিল হয়। সকলো বিভাগত এই বিধি প্রযোজ্য।

কিন্তু দৰঙৰ ডায়েটৰ কথাই সুকীয়া। নিবিদাত অংশ লোৱাৰ প্রাথমিক যোগ্যতা হেৰুওৱা ৩ প্রতিষ্ঠানক পুনৰ সুযোগ দিবলৈ ২২ আগষ্টৰ সমগ্ৰ নিবিদা প্রক্রিয়াই বাতিল ঘোষণা কৰে। এই ক্ষেত্ৰত ডায়েটৰ গাণনিক ব্ৰজেন ডেকাক বিষয়টো সন্দৰ্ভত যোগাযোগ কৰাত এই কথাই সদৰি কৰি শেহতীয়াভাৱে অৱসৰ গ্ৰহণ কৰা অধ্যক্ষজনে সিদ্ধান্ত লোৱা বুলি মন্তব্য কৰি বিষয়টোৰ পৰা আঁতৰি আহে।

পিছে ডায়েটৰ নতুন অধ্যক্ষ হিচাপে যোগদান কৰাৰ পাছতে চেতিয়া উপাধিৰ বিষয়াজনে উত্তৰাধিকাৰী সূত্রে অন্য দায়িত্ব পাওক বা নাপাওঁক, কিন্তু পূৰ্বৰ অধ্যক্ষৰ ঘনিষ্ঠ প্রতিষ্ঠানক যিকোনো প্ৰকাৰে সামগ্ৰী যোগানৰ সুবিধা কৰি দিয়াৰ দায়িত্ব পালনৰ ইংগিত স্পষ্ট হৈছে।

কিয়নো শেহতীয়াভাৱে একেবিলাক সামগ্রী যোগানকলৈ প্ৰকাশ নিবিদাৰ বিজ্ঞাপনত গুৰুতৰ তথ্য ফাদিল হৈছে। বিজ্ঞাপনত ১৬ অক্টোবৰৰ পৰা নিবিদাৰ নথি ৫০০ টকাৰ আই পি অ' জমা দি সংগ্ৰহৰ সুবিধা কৰা হৈছিল যদিও নথি জমাৰ অন্তিম দিনটোৱেই বন্ধৰ দিন হৈ পৰে।

একেদৰে ১৬ অক্টোবৰৰ দিনটোত অধ্যক্ষৰ দায়িত্ব গ্রহণ বিষয়ক ব্যস্ততাৰ বাবে নথি সংগ্ৰহত অসুবিধাৰ সন্মুখীন হয়। স্বাভাৱিকতে দুয়োটা প্ৰসংগই সাধাৰণ ৰাইজৰ মাজত সৃষ্ট সন্দেহ অনুসৰি, পূৰ্বৰ বিধি অনুযায়ী বাতিল হ'বলগীয়া প্ৰতিষ্ঠানৰ স্বাৰ্থতেই এইবোৰ নাটক চলি থকাৰ অভিযোগ উঠিছে।

আনহাতে দলগাঁও ডায়েটত অনিয়মেই নিয়ম হিচাবে দীর্ঘদিন চলি থকাৰো চৰ্চা চলিছে। নিবিদাৰ নামত অনিয়মেৰেই বছৰ জুৰি লাখ লাখ টকাৰ সামগ্ৰী বিষয়াৰ ঘনিষ্ঠ প্রতিষ্ঠানক আগবঢ়োৱাৰ গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে।

Also Read: ছত্তিশগড়ত ক্ষমতা উদ্ধাৰৰ বাবে অমিত শ্বাহৰ চেষ্টাঃ আজি সম্বোধন কৰিব দুখনকৈ সভা...

মঙলদৈ দলগাঁও ডায়েট