"এম এল এ, এম পিয়ে এমাহ ঝাৰু মাৰক, মই ২০ হাজাৰ কৈ দৰমহা দিম"- ভীম বাস্পৰ

"এম এল এ, এম পিয়ে এমাহ ঝাৰু মাৰক, মই ২০ হাজাৰ কৈ দৰমহা দিম"- ভীম বাস্পৰ

author-image
Asomiya Pratidin
New Update
"এম এল এ, এম পিয়ে এমাহ ঝাৰু মাৰক, মই ২০ হাজাৰ কৈ দৰমহা দিম"- ভীম বাস্পৰ

ডিজিটেল সংবাদ,‌ মঙলদৈ: মঙলদৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ সদৌ অসম চাফাই কৰ্মী সন্থাৰ সভাপতি ভীম বাস্পৰে ৰাজ্যৰ বিধায়ক আৰু সাংসদসকলক হুংকাৰ প্ৰদান কৰি কয়, "এম এল এ, এম পিয়ে এমাহ ঝাৰু মাৰক। মই ২০ হাজাৰ কৈ দৰমহা দিম"। ইয়াৰ উপৰিও উপযুক্ত প্ৰাপ্য নাপালে ভোট বৰ্জন কৰিব বুলিও কয় নেতাজনে।

Advertisment

সংবাদ মাধ্যমৰ কেমেৰা নহ'লে জনপ্ৰতিনিধিয়ে কেতিয়াও ঝাৰু মাৰিব নোৱাৰে বুলি কৈ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চাফাই কৰ্মীসকলক দুৰ্ব্যৱহাৰ কৰাৰ বৃহৎ অভিযোগ উত্থাপন কৰে বাস্পৰে।

উল্লেখ্য যে, মঙলদৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হোৱা সদৌ অসম চাফাই কৰ্মীৰ সভাপতিৰ লগতে এটি প্ৰতিনিধিৰ দলে মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চাফাই কৰ্মীসকলৰ বহু দিনীয়া দাবী সম্বলিত প্ৰত্ৰৰে অধীক্ষকক সাক্ষাৎ কৰি চাফাই কৰ্মীৰ চাকৰি নিয়মীয়াকৰণ কৰা, আগন্তুক চাফাই কৰ্মী চাকৰিৰ বিজ্ঞাপনত লিখিত পৰীক্ষা বাতিল কৰা আদি বিভিন্ন দাবী সম্বলিত এক পত্ৰ প্ৰদান কৰে।

Also Read: মথুৰাপুৰত শংকৰদেৱ শিশু নিকেতনত বালক সন্মিলন

assamgovt