ড্ৰাগছৰ বেহাঃ মিজো আৰক্ষীৰ জালত ১০ কোটি টকাৰ হেৰ’ইন, গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ড্ৰাগছৰ বেহাঃ মিজো আৰক্ষীৰ জালত ১০ কোটি টকাৰ হেৰ’ইন, গ্ৰেপ্তাৰ সৰবৰাহকাৰী

ডিজিটেল ডেস্কঃ অবৈধ ড্ৰাগছৰ প্ৰতি চৰকাৰ যিমানেই কঠোৰ হৈছে সিমানেই যেন কেৰেপ নকৰে সৰবৰাহকাৰীয়ে। তেনে এক সৰবৰাহকাৰী এইবাৰ মিজো আৰক্ষীৰ জালত পৰিছে। বৃহৎ পৰিমাণৰ হেৰ’ইনসহ মিজো আৰক্ষীয়ে গ্রেপ্তাৰ কৰা লোকজন হ'ল ৰফিক উদ্দিন লস্কৰ।

এখন বাহনত ৬২টা চাবোনৰ বাকচত প্রায় ৭৬৫ গ্রাম হেৰ’ইন কঢ়িয়াই নিছিল ৰফিক উদ্দিনে। জব্দকৃত হেৰ’ইনখিনিৰ বজাৰ মূল্য প্রায় ১০ কোটি টকা হ'ব বুলি ব্যক্ত কৰিছে আৰক্ষী বিভাগটোৱে। লোকজনক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালভাবে জব্দ কৰিছে হেৰ’ইন কঢ়িওৱা বাহনখনো।

ইপিনে মঙলবাৰৰ নিশাৰ ভাগত ৰহাৰ চাপৰমুখ ষ্টেচনত আৰ পি এফে অভিযান চলাই ১নং প্লেটফৰ্মৰ পৰা ৮ কিলো ২৩০ গ্রাম গাঞ্জা জব্দ কৰাৰো খবৰ আহি পৰিছে। নামনিমুৱা কাঞ্চনজংঘা ৰে’লযোগে সৰবৰাহ কৰিছিল উক্ত গাঞ্জাখিনি। উল্লেখ্য গাঞ্জাসহ জিতেন্দ্র চাহু নামৰ সৰবৰাহকাৰীজনক আটক কৰিছে আৰ পি এফে।

ড্ৰাগছৰ বেহাঃ মিজো আৰক্ষীৰ জালত ১০ কোটি টকাৰ হেৰ’ইন, গ্ৰেপ্তাৰ সৰবৰাহকাৰী
অসম আৰক্ষীৰ CID ৰ শীৰ্ষ বিষয়াক বদলি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in