দৰঙত 'অমৃত কলহ যাত্ৰা' বিষয়ক সজাগতা সভা

দৰঙত 'অমৃত কলহ যাত্ৰা' বিষয়ক সজাগতা সভা

author-image
Asomiya Pratidin
New Update
দৰঙত 'অমৃত কলহ যাত্ৰা' বিষয়ক সজাগতা সভা

ডিজিটেল সংবাদ,‌ মঙলদৈ: দৰঙত জিলা পুথিভঁৰালত 'মোৰ মাটি মোৰ দেশ' অভিযানৰ অংশস্বৰূপে মঙ্গলবাৰে আয়োজিত অমৃত কলহ যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য বিষয়ত এক সজাগতা সভা অনুষ্ঠিত হয়। সভাত ভাষণ প্ৰদান কৰি দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে কয় যে 'মোৰ মাটি মোৰ দেশ' অভিযানৰ অংশ হিচাপে সমগ্ৰ দেশৰ লগতে দৰং জিলাতো 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে অহা ২০ ছেপ্টেম্বৰৰ পৰা ১ অক্টোবৰলৈ প্ৰতিখন গাঁও অথবা নিদিষ্ট ৱাৰ্ডৰ প্ৰতিঘৰৰ পৰা এমুঠি মাটি/চাউল সংগ্ৰহ কৰি অমৃত কলহ যাত্ৰাৰ শুভাৰম্ভণি কৰা হ'ব।

Advertisment

অহা ২ অক্টোবৰত প্ৰতিঘৰৰ পৰা সংগৃহীত মাটি/ চাউল অমৃত কলহত সংগ্ৰহ কৰি গাঁৱৰ ২০০-৩০০ ব্যক্তিয়ে শোভাযাত্ৰা কৰি দিনৰ ১১ বজাত গাঁও পঞ্চায়ত/ পৌৰ কাৰ্যালয়ত উপস্থিত হ'ব। জিলা আয়ুক্ত গৰাকীয়ে তেওঁৰ ভাষণত এইদৰে ৮ অক্টোবৰৰ পৰা ২৮ অক্টোবৰলৈকে খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ পৰা নতুন দিল্লীৰ অমৃত বাটিকালৈকে অমৃত কলহ যাত্ৰাৰ সম্পূৰ্ণ কাৰ্যসূচী সবিস্তাৰে ব্যাখ্যা কৰে। তেওঁ লগতে কয় যে, এই কাৰ্যসূচীত ভাৰতৰ বৈচিত্ৰ্যতাৰ মাজৰ ঐক্যৰ মহান বাণী নিহিত হৈ আছে। দৰঙত অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ সফল ৰূপায়ন কৰিবলৈ তেওঁ সংশ্লিষ্টসকলোৰে প্ৰতি আহ্বান জনায়।

সভাত মুখ্য অতিথিৰূপে ভাষণ প্ৰদান কৰি ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশীয়ে কয় যে, মাটিৰ সৈতে মানুহৰ সম্পৰ্ক অভিন্ন। পৃথিৱীৰ সকলো ধৰ্ম আৰু সভ্যতাই মাটিৰ প্ৰতি নিভাজ প্ৰেম আৰু ভক্তিৰ শিক্ষা দিয়ে। নিজৰ মাটি আৰু নিজৰ দেশৰ প্ৰতি প্ৰেম দৰঙৰ ঐতিহ্যৰ অংশ বুলি মন্তব্য কৰি বিধায়কগৰাকীয়ে কয় যে, পথৰুঘাটৰ ইতিহাসে এই কথা সদায় সোঁৱৰাই আহিছে। 'মোৰ মাটি মোৰ দেশ' ৰ অনুভূতি দৰঙৰ ৰাইজৰ মনত তেতিয়াই গভীৰ আছিল বাবেই কৃষক ৰাইজে পথৰুঘাটত ঔপনিৱেশিক বৃটিছৰ বিৰুদ্ধে সমবেত হৈছিল বুলি তেওঁ লগতে কয়। স্বদেশৰ মাটিৰ প্ৰতি অকুন্ঠ ভালপোৱা আৰু শ্ৰদ্ধাৰ পৰম্পৰা দৰঙত আজিও অটুত আছে আৰু অমৃত কলহ যাত্ৰা কাৰ্যসূচীৰ সফল ৰূপায়নত সেয়া যথাৰ্থভাৱে প্ৰতিফলিত হ'ব বুলি তেওঁ মন্তব্য কৰে।

সভাত দৰং জিলা পৰিষদৰ সভাপতি ধীৰেন্দ্ৰ ডেকা, মঙলদৈ পৌৰসভাৰ সভাপতি নিৰ্মালী দেৱী শৰ্মা, খাৰুপেটীয়া পৌৰসভাৰ সভাপতি কৃষ্ণা সাহা, অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষা নীলিমা দেৱী, দৰং জিলা সাহিত্য সভাৰ সভাপতি ৰজনী কান্ত নাথ, শিক্ষাবিদ ড০ বুধিন হাজৰিকা, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলা কান্ত বৰাৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি, গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য, বিভিন্ন দল-সংগঠন, বিহু কমিটি, স্বেচ্ছাসেৱী অনুষ্ঠানৰ প্ৰতিনিধি, ছাত্ৰ-ছাত্ৰী আৰু ৰাইজ উপস্থিত আছিল।

Also Read: 'চন্দ্ৰযান-৩'ৰ সফলতাত আছিল অৰিহণা, দৰমহা নাপাই পদপথত বিক্ৰী কৰিছে ইডলী..

darrang amrit kalah yatra