দৰঙৰ দূৰ্গা কিংকৰ শৰ্মালৈ ভাৰত চৰকাৰৰ ''উৎকৃষ্ট মানদণ্ডৰ অপৰাধ তদন্ত''ৰ পদক

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ ৪ বিষয়াক ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীৰ বিশেষ মেডেল লাভৰ বাবে নিৰ্বাচিত হৈছে

author-image
Asomiya Pratidin
New Update
দৰঙৰ দূৰ্গা কিংকৰ শৰ্মালৈ ভাৰত চৰকাৰৰ ''উৎকৃষ্ট মানদণ্ডৰ অপৰাধ তদন্ত''ৰ পদক

ডিজিটেল সংবাদ, মঙলদৈঃ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত অসম আৰক্ষীৰ ৪ বিষয়াক ভাৰত চৰকাৰৰ গৃহমন্ত্ৰীৰ বিশেষ মেডেল লাভৰ বাবে নিৰ্বাচিত হৈছে। গৃহমন্ত্ৰীৰ মেডেল লাভ কৰা অসমৰ আৰক্ষী বিষয়া সকল হৈছে DCP সুৰজিত সিং পানেশৰ, পৰিদৰ্শক দূৰ্গা কিংকৰ শর্মা,পৰিদৰ্শক আৰিফুল হক আৰু উপ পৰিদৰ্শক শ্ৰীমতী ম.থাদ্ৰৈ সিংঘ।

Advertisment

২০২৩ বৰ্ষত উৎকৃষ্ট মানদণ্ডৰ তদন্তৰ বাবে এই মেডেল লাভ কৰিছে অসম আৰক্ষীৰ ৪ বিষয়াই ৷ উল্লেখ্য যে এই পদকটো ২০১৮ চনৰ পৰা প্ৰদান কৰা হৈছিল। যাৰ উদ্দেশ্য আছিল অপৰাধৰ তদন্তৰ উচ্চ পেছাদাৰী মানদণ্ডক সন্মান জনোৱা । প্ৰতি বছৰে আগষ্টৰ ১২ তাৰিখে এই পদক ঘোষণা কৰি আহিছে ভাৰত চৰকাৰে।

প্ৰাপ্ত তথ্য অনুসৰি ২০২৩ বৰ্ষত উক্ত মেডেল লাভ কৰা সকলৰ ভিতৰত ১৫ জন চিবিআই, ১২ জন এনআইএ, ১০ ​​জন উত্তৰ প্ৰদেশ, ৯ জন কেৰালা আৰু ৰাজস্থান, ৮ জন তামিলনাডু, ৭ জন মধ্যপ্ৰদেশ, ৬ জন গুজৰাটৰ, ৪ জন অসমৰ আৰু বাকীসকল আন ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংগঠনসমূহৰ। আনহাতে ইয়াৰ ভিতৰত আছে ২২ গৰাকী মহিলা আৰক্ষী বিষয়া।

দেশৰ ১৪০ জন আৰক্ষী বিষয়াৰ লগতে দৰঙ জিলাৰ দেওমৰনৈৰ সু সন্তান তথা অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগত কৰ্মৰত পৰিদৰ্শক দূৰ্গা কিংকৰ শৰ্মাৰ নামো আছে এই তালিকাত। উক্ত মেডেলৰ বাবে নিৰ্বাচিত হোৱা বতৰাই বৃহত্তৰ দেওমৰনৈ অঞ্চলৰ লগতে দৰংবাসীলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে। ইয়াৰ পূৰ্বে তেওঁ ২০০৮ চনত ৰাষ্ট্ৰপতিৰ সাহসিকতাৰ আৰক্ষী পদকেৰে সন্মানিত হৈছিল।

Also Read: গোলাঘাটৰ ৰাজপথত ছাত্ৰক হত্যা কৰাৰ চেষ্টা...

Assam police