/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/8c568868-89dc-4e59-8cc4-3aac811992f3/mangaldoi_31.jpg)
পানীৰ মাজত দ্বীপৰ দৰে থিয় হৈ আছে বিদ্যালয়ঃ প্ৰৱেশদ্বাৰত অসহায় শিক্ষক, শিক্ষাৰ্থী...
ডিজিটেল সংবাদ মঙলদৈঃ নাছিল কোনো চৰকাৰী বন্ধ। নৈমিত্তিক যোৱাৰ দৰেই আজিও নিৰ্ধাৰিত সময়তে শিক্ষাৰ্থীসকল গৈছিল বিদ্যালয়লৈ। গৈছিল শিক্ষক, কৰ্মচাৰীও। কিন্তু বিদ্যালয়ত উপস্থিত শিক্ষকে কৰিব নোৱাৰিলে ক্লাছ। পাঠগ্ৰহণ নকৰাকৈয়ে উভতিল শিক্ষাৰ্থী।
কিয়নো বিদ্যালয়ৰ চৌপাশে কৱল পানী। পানীৰ মাজত এটা দ্বীপৰ দৰে থিয় হৈ আছে বিদ্যালয়। পশ্চিম মঙলদৈৰ ২২৬ নং নগাওঁ প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা এয়া। বিদ্যালয়খনৰ কাষৰে যোৱা নলাটো কোনো দুষ্ট চক্ৰই বন্ধ কৰি দিয়াৰ ফলতে বিদ্যালয়খন কৃত্ৰিম বানত ডুবিল।
ফলত বিদ্যালয়খনত আজি পাঠদান প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ থাকিল। পুৱা সময় মতেই বিদ্যালয়লৈ আহি শিক্ষক, কৰ্মচাৰী, শিক্ষাৰ্থী তথা কণ কণ শিক্ষাৰ্থীৰ অভিভাৱকে এই দৃশ্য দেছি আচৰিত হৈ পৰে। বিদ্যালয়ত পাঠদানৰ কোনো পৰিৱেশ নথকাত উপায়ন্তৰ হৈ আজি পাঠদান প্ৰক্ৰিয়া সম্পূৰ্ণ ৰূপে বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অৱশ্যে কোনে এই কাম কৰিলে তাক লৈ প্ৰশ্নৰ উত্থাপন হোৱাৰ সমান্তৰালকৈ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।
Also Read: নিউয়ৰ্কত শীতৰ আমেজ লৈ পুৱা টীম ইণ্ডিয়াৰ অনুশীলনঃ কাইলৈ প্ৰথমখন ৱাৰ্ম আপ মেচ...